কাছমাৰীত প্ৰাইজমানি ফুটবল≈≈পাঘালী এফ চি প্ৰি-কোৱাৰ্টাৰত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মৰিগাঁৱৰ পাঘালি এফ চি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে । প্ৰতিযোগিতাৰ আজিৰ খেলত পাঘালি ফুটবল ক্লাৱে শিমলুগুৰি ফুটবল ক্লাৱক ৩-০ গ'লত  পৰাজিত কৰে । খেলখনত পাঘালি এফ চিৰ হৈ যদু বৰদলৈয়ে দুটা (১০, ৮০ মিনিট) আৰু ধ্ৰুৱ ডেকা (৫০মিনিট)ই এটা গ'ল দিয়ে । খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ, সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা (চতুৰ্থ)ই ৷ শনিবাৰৰ খেলত কপাহেৰা ফুটবল দলে কটহগুৰি এফ চিৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকাই জনাইছে ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা