বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ বাবে দিয়া 'ৰিমচ এপ' ৰ বিৰোধিতা কৰ্মচাৰী পৰিষদৰ≈≈মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ

# বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ বাবে দিয়া 'ৰিমচ এপ' ৰ বিৰোধিতা কৰ্মচাৰী পৰিষদৰ≈≈মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ অক্টোবৰঃ শেহতীয়াভাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা কনিষ্ঠ মহাবিদ্যালয় পৰ্যন্ত কৰ্মৰত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে 'ৰিমচ এপ'  মুকলি কৰা হৈছে ৷ সমগ্ৰ শিক্ষা অভিযান, অসমৰ মিছন সঞ্চালকালয়ে মুকলি কৰা উক্ত 'ৰিমচ এপ'ত সংশ্লিষ্ট শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত উপস্থিতি নিৰ্ণয় কৰাৰ উপৰিও তেখেতসকলৰ ব্যক্তিগত সকলো তথ্য 'ৰিমচ এপ'ত সন্নিৱিষ্ট কৰিবলগীয়া হোৱাত শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি শিক্ষক সংগঠনসমূহেও ইয়াৰ বিৰোধিতা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিছে ৷ তদ্ৰুপ সদৌ অসম কৰ্মচাৰী পৰিষদে বিষয়টো পৰ্যবেক্ষণ কৰি ইয়াৰ বিৰোধিতা কৰিছে ৷ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে এক বিবৃতিৰ জৰিয়তে কয় যে--সদৌ অসম কৰ্মচাৰী পৰিষদে শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি নিৰ্ণয় কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহন কৰিলে কেতিয়াও আপত্তি নকৰে ৷ কিন্তু শিক্ষকসকলৰ উপস্থিতিৰ ক্ষেত্ৰত কোনো ব্যক্তিগত খণ্ডক নিশ্চিত কৰাৰ বাবে দিয়া দায়িত্ব আৰু তেখেতসকলৰ ব্যক্তিগত তথ্য এপচত উপলব্ধ কৰাৰ বাবে লোৱা ব্যৱস্থাক কেতিয়াও মানি ল’ব নোৱাৰো ৷ আমি ইয়াৰ বিৰোধিতা কৰিছো ৷ ইফালে, ক’ভিড মহামাৰীৰ বাবে বিদ্যালয়সমূহত ২০২০ বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ লগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২১ বৰ্ষৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল ৷ বৰ্তমানেও চলিত শিক্ষা বৰ্ষৰ ন মাহ উকলি যোৱাৰ পিছতো ক’ভিড মহামাৰীৰ বাবে বিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান প্ৰক্ৰিয়া স্বাভাবিক হৈ উঠা নাই ৷ তেনেস্থলত বিদ্যালয়ৰসমূহত পুনৰ গুণোৎসৱৰ প্ৰস্তুতি কৰিবলৈ শিক্ষা বিভাগে লোৱা হঠকাৰী সিদ্ধান্তৰ বাবে শিক্ষক সমাজ হতবাক হৈ পৰিছে ৷ গতিকে উক্ত বিতৰ্কিত 'ৰিমচ এপ' তথা গুণোৎসৱ সন্দৰ্ভত শিক্ষক সংগঠনসমূহৰ লগত আলোচনাত বহি এক গ্ৰহনযোগ্য সিদ্ধান্ত ল’বলৈ অনুৰুধ জনাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কৰ্মচাৰী পৰিষদে পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰা বুলি লগতে বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিছে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা