যোৰহাট ত শিশু ভাওনা "মৎস্য অৱতাৰ"

যোৰহাট;১৩ অক্টোবৰ;যোৰহাট  নগৰৰ সমীপৰ পটীয়া গাওঁ ৰ, দিহিঙীয়া কুৰিত শিশু-কিশোৰ-সকলক একত্ৰিত কৰি গুৰু জনাৰ  "মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ"নাট খন ১০অক্টোবৰৰ সন্ধাৰ পৰা প্ৰদৰ্শন কৰা হয়।দিহিঙীয়া কুৰি বুঢা নামঘৰত অনুস্থিত নাট্য অনুস্থান ত  "  জগতত যিমানেই অসুৰীক কায্য ,অন্যায় -অমঙ্গল নহওক  - ভগৱানে সকলো দুষ্ট কায্য কৰাক সংহাৰ কৰি,ভিন্ন ৰপে অবতাৰ   হৈ তেওঁৰ ভক্তক উদ্ধাৰ কৰিব ই" - এই দৰেই বিষ্ণু য়ে গুৰু জনাৰ সৃষ্টি" মৎষ্য অবতাৰ চাৰি বেদ-উদ্ধাৰ"নাটক ত ভক্তক উদ্দেশ্যে কৰি মন্তব্য কৰে। পুৱা প্ৰাত প্ৰসংগৰে দুপৰীয়া পতিয়ৰি সত্ৰৰ মানিক গোস্বামী নামাচায্যৰে নাম কীৰ্তনৰপাছতে দিহা নাম,লোকগীত পৰিবেশন কৰে গাঁওৰ পুৰুষ-মহিলাই ইয়াৰ পাছত প্ৰসাদ বিতৰণ হয়।সন্ধা গৃহে গৃহে বন্তি প্ৰজ্বন হয় আৰু  ইয়াৰ পাছত নামঘৰত নাম প্ৰসংগঃ,গায়ন-বায়েনেৰে মৎস্য অবতাৰ ,,,,,,,,,, ভাওনাৰ এগছি বন্তি প্ৰজ্বলন কৰে গাঁৱৰ জেষ্ঠ ধৰ্ম পৰায়ন ব্যক্তি হিৰেণ দত্তই শুভাৰম্ভ  কৰে ।ইয়াৰ আগমুহু ত্বত নামঘৰিয়া  নৰেণ দত্ত,চৰৎ দত্তক সম্বন্ধনা জনাই।  বিতু দত্তৰ সংগী বৃন্দৰ দ্বাৰা নাট পৰিছালনাৰে আৰম্ভ হোৱা নাটকখনত বিভিন্ন চৰিত্ৰ অভিনয় কৰা শিল্পী সকল হল-নাৰায়ণ-দেবাশীষ দত্ত,ব্ৰহ্মা-দীব্যজোতি দত্ত , নাৰদ-অংকুৰ দত্ত ,শিৱ -ৰিচি বৰা, লখী-অনুষ্কা বৰা, মহাকাল-কৌশিক দত্ত (পাপলু),ভুজঙ্গ-প্ৰিয়ম দত্ত ,ত্ৰিভুজা -দিখিত শ ইকীয়া(বু মন)বজ্বা সুৰ -ত্ৰিনয়ণ দত্ত, হয় দৈত্য-বৃতুৰাজ দত্ত ,ইন্দ্ৰ-বিশ্বজিৎ শ ইকিয়া, যম-অম্লান শ ইকীয়া(পাংকু),অগ্নি-জুমণ দত্ত  ,বায়ু-মনজীৎ দত্ত (বুবুলি), সত্যৱত -মানষ বৰা ,মন্ত্ৰী-ৰাজ কিশোৰ দত্ত, সৰস্বতী-শিখা মনি হাজৰিকা, বিশ্বমিতা দত্ত, মায়া-জ্না বৰা,মৎস্য আৰু হয়গ্ৰীৱ -নিৰেণ কলিতাই অভিনয় কৰে।বিতু দত্তৰ নাট পৰিছালনা,জয়ন্ত দত্তৰ সহযোগিতা আৰু বাহিৰ সুৰ,ৰাজু শ ইকীয়াৰ ৰপ সজ্বাৰে পৰিছালিত নাটক  খনিয়ে দশকক মুগ্ধ কৰিবলৈ সখম হয়।পোহৰ,শব্দ আৰু  পোছাকে নাটৰ সৌন্দৰ্য   বৃদ্ধি কৰি আকৰ্ষণ  লাভ কৰিবলৈ সখম হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা