চকলাঘাটত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা≈≈এসপ্তাহত ১৭জন আক্ৰান্ত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ এপ্ৰিলঃ ৰাজ্যৰ সৰ্বত্ৰে মাৰাত্মক কৰ’নাৰ দ্বিতীয়টো লহৰে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে নগাঁও জিলাত নিতৌ বৃদ্ধি পাব ধৰিছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত কৰ’নাৰ দ্ৰুত সংক্ৰমন ঘটি ইতিমধ্যে তিনিশৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ মাজতে জিলাখনৰ হাতীচোং মৌজাৰ অন্তৰ্গত বৃহত্তৰ চকলাঘাট অঞ্চলত কৰ’নাত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাবে বৃদ্ধি পোৱাত অঞ্চলবাসী সৰ্বস্তৰৰ জনতাৰ মাজত আতংকৰ ছাপ বিয়পি পৰিছে ৷ কিয়নো মাত্ৰ এটা সপ্তাহতে অঞ্চলটোৰ মুঠ ১৭ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ এনেদৰে অঞ্চলটোত কৰ’নাই তাণ্ডৱ চলোৱাৰ মাজতে আজি পুনৰ চাৰিজন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে ৷ জানিব পৰা মতে, অঞ্চলটোৰ দৰঙীয়াল গাঁৱৰ একেটা পৰিয়ালৰ ৪ জনৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি আজি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পূৰ্বে অঞ্চলটোৰে গেদাৰবড়িত ৩ গৰাকী, পুৰণা খাটোৱাল গাঁৱৰ এটা চুবুৰীৰ ৬ গৰাকী আৰু সোনাৰী গাঁৱত ৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছিল ৷ কাজেই, জিলা সদৰৰ পৰা মাত্ৰ আঠ কিল’মিটাৰ দুৰত্বত অৱস্থিত এই বৃহত্তৰ অঞ্চলটোত এইদৰে দ্ৰুত গতিত ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰাত এতিয়া অঞ্চলবাসী ৰাইজ উদ্বিগ্ন হৈ পৰা দেখা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা