তিতাবৰ জিলা মইনা পাৰিজাতৰ একবিংশতিতম্ দ্বি-বাৰ্ষিক শিশু সমাৰোহৰ সফল সামৰণি
তিতাবৰ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত তিতাবৰ আঞ্চলিক মইনা পাৰিজাতৰ একবিংশতিতম্ দ্বি-বাৰ্ষিক শিশু সমাৰোহ খনি শংকৰজ্যোতি মইনা পাৰিজাতৰ আমন্ত্ৰণত ১০ আৰু ১১ এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰবিদ্যাত অনুষ্ঠিত হয়।কাৰ্য্যসূচীৰ ১০ এপ্ৰিলৰ পুৱা গছ পুলি ৰোপনৰ শুভাৰম্ভ কৰে ৰাজ্যিক বঁটা প্ৰাপ্ত কৃৰ্তি শিক্ষক লাহেশ্বৰ দাসে,কাৰ্যালয় মুকলি কৰে সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য হেমন্ত বৰদলৈয়ে,পতাকা উত্তোলন কৰে মইনা বিষ্ণুপ্ৰিয়া হাজৰিকাই, স্মৃতি তৰ্পন কাৰ্য্যসূচী মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অৰুণ চন্দ্ৰ বৰুৱাই। মইনা সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমুহ উদ্ধোধন কৰে সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য অৰুণ শইকীয়াই আৰু মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে আঞ্চলিক সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ ফুকনে।১১ এপ্ৰিলৰ দিনা অনুষ্ঠিত হোৱা সংগীত প্ৰতিযোগিতাৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়।এটি সমবেত সংগীতেৰে আৰম্ভণি কৰা সভা খনিৰ আঁত ধৰি উদেশ্য বাখ্যা কৰে আঞ্চলিক সমিতিৰ সম্পাদক কমল লোচন দাসে আৰু পৰিচালনা কৰে মইনা ধৃতিতৃষ্ণা ঠাকুৰীয়াই। শ্ৰীমন্ত শঙ্কৰ বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা বৰকটকীয়ে উদ্ধোধন কৰা সভা খনিত আদৰণি ভাষন প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি অৰুণ চন্দ্ৰ বৰুৱাই। সভাত মইনা বক্তা হিচাবে মূৰ্চনা মহন্ত, নিদিষ্ট বক্তা হিচাবে জেবি কলেজৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ড০ ইন্দ্ৰেশ্বৰ দাস,বিশিষ্ট অতিথি হিচাবে সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বিৰেণ কলিতা, কাৰ্য্যনিৰ্বাহক সদস্য অৰুণ শইকীয়া, আমন্ত্ৰিত অতিথি হিচাবে তিতাবৰ মইনা পাৰিজাতৰ সভাপতি অপূৰ্ব শইকীয়া,কাৰ্য্যকৰী সভাপতি পবিত্ৰ শইকীয়া, সম্পাদক ৰবীন মহন্ত,বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক তীৰ্থ শইকীয়া উপস্থিত থাকে।সভাত তিতাবৰ জিলা মইনা পাৰিজাতৰ সহকাৰী সম্পাদক ৰাজু শইকীয়া,তিতাবৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি পৰেশ বৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সেউতী বৰদলৈ উপস্থিত থাকে।আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ১১ টা শাখা মইনা পাৰিজাতৰ প্ৰায় ২০০ মইনাই অংশ গ্ৰহণ কৰা সমাৰোহৰ প্ৰতিযোগিতাট বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মইনা সকলক সভাত পুৰস্কিত কৰা হয়।সমাৰোহত শঙ্কৰজ্যোতি মইনা পাৰিজাতে শ্ৰেষ্ঠ পাৰিজাতৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ পৰিচালিকাৰ বঁটাও লাভ কৰে।সভাৰ অন্তত অভ্যৰ্থনা সমিতিৰ সম্পাদক জয়দ্বীপ কাকতি আৰু আঞ্চলিক সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰাৰ্থ প্ৰতিম শইকীয়াই সমাৰোহ খনি সুন্দৰ ভাৱে অনুষ্ঠিত হোৱাৰ বাবে সকলোকে শলাগ জনাই।
ৰবীন মহন্ত ।
Comments
Post a Comment