বঙাইগাঁৱত আজিৰে পৰা ১২ মে'লৈ বন্ধ ঘোষণা জিলাখনৰ সকলো শিক্ষানুষ্ঠান

বঙাইগাঁও জিলাত ক'ৰোনাৰ ভয়াৱহ সংক্ৰমণ 

একেদিনাই  ৬২ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ

কাইলৈৰ পৰা ১২ মে'লৈ বন্ধ ঘোষণা জিলাখনৰ সকলো শিক্ষানুষ্ঠান

বঙাইগাঁওঃ  ২৭ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যাই আজি তিনিশৰ ঘৰ অতিক্ৰম কৰে ৷ জিলাখনত দ্ৰুতিগতিত ক'ৰোনাৰ সংক্ৰমণ অব্যাহত থকাত এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ উল্লেখ্য যে জিলাখনত সোমবাৰে ৪৯ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিছত আজি ৬২ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াৰ ফলত জিলাখনত ক'ৰোনাই কি ৰূপ ধাৰণ কৰিছে তাকে প্ৰমাণ কৰিছে ৷ জিলাখনত আজিৰ দিনটোত ক'ৰোনাত আক্ৰান্ত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩৬ জন হৈছ ৷ আনহাতে ১৭ জন ৰোগী সুস্থ হৈ উঠিছে  ৷ জিলাখনত ১ মাৰ্চৰ পৰা বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৪৩ জন ৷ ইপিনে জিলাখনত ক'ৰোনা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাত বঙাইগাঁও জিলা প্ৰশাসনে কাইলৈ (২৮ এপ্ৰিল) ৰ পৰা অহা ১২ মে'লৈকে জিলাখনৰ সকলো শিক্ষানুষ্ঠানসমূহ ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে ৷ জিলাখনত বিগত ১০ দিনত ৩০০ তকৈ অধিক ক'ভিড -১৯ প'জিটিভ ৰোগী চিনাক্ত হোৱাত ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই এক আদেশযোগে জিলাখনৰ সকলো শিক্ষানুষ্ঠান(চৰকাৰী-বেচৰকাৰী), প্ৰাক প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে লগতে সকলো কোচিং ইনষ্টিটিউচন আৰু সকলো শ্ৰেণীৰ হোষ্টেলসমূহ অহা ১২ মে' লৈকে বন্ধ ঘোষণা কৰিছে । এইক্ষেত্ৰত ছাত্ৰ- ছাত্ৰীসকলৰ বাবে অনলাইন ক্লাছসমূহ চলি থাকিব ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা