ৰঙিয়াত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা

প্ৰতিবেদক, ৰঙিয়া, ২৬ এপ্ৰিলঃ
সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাটো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ পজিটিভ । ৰঙিয়া অসামৰিক চিকিৎসালয়ত দৈনন্দিন কোভিড টেস্ট কৰি থকাৰ দৰে আজিও ৭১ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰা হৈছিল। ইয়াৰ মাজতে চেপ্তীৰ জয়ন্ত কুমাৰ শৰ্মা (৪৭),কৰবী দাস (৩০),নকুলৰ বিবুলৰ ৰহমান (৫২),বালিসত্ৰৰ পুলক শৰ্মা (১৬)আৰু সীতাৰাৰ মঞ্জু কলিতাৰ (৫৫) শৰীৰত ধৰা পৰিছে কোভিড ১৯ পজিটিভ।আক্ৰান্ত ৰোগী কেইগৰাকী পৰিয়ালৰ সহযোগত হোম আইছ’লেছনত থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ইপিনে ৰঙিয়া মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলোকে কোভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনাইছে। মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ সকীয়নি প্ৰদান কৰি কয়, যিসকলে মাস্ক পৰিধান নকৰিব তেওঁলোকক ১০০০ টকাকৈ জৰিমনা বিহা হব। ইতিমধ্যে ৰঙিয়া মহকুমা প্ৰশাসনে তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা মাইকযোগে মাস্ক পৰিধান, সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে কোভিড প্ৰট'কল মানি নচলিলে জৰিমনাৰ সন্মূখীন হব লাগিব বুলি ঘোষণা কৰা পৰিলক্ষিত হৈছে। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা