বেবেজীয়াত ভুমিকম্পৰ পিছতে মুখেৰে তেজ ওলাই প্ৰাণ গ’ল মহিলাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ এপ্ৰিলঃ কৰ’নাৰ তাণ্ডৱৰ মাজতেই আজি পূৱা অহা বৃহৎ প্ৰাৱল্যৰ ভুমিকম্পই সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বিস্তৰ ক্ষতি সাধন কৰে ৷ এই ভূমিকম্পৰ ফলতে জিলাখনৰ বেবেজীয়াত এগৰাকী বয়োজ্যেষ্ঠা মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিহত মহিলা গৰাকী ৫৫ বছৰীয়া লাবন্য শ‌ইকীয়া বৈশ্য বুলি জানিব পৰা গৈছে । আচলতে প্ৰৱল জোকাৰণিৰে অহা ভুমিকম্পটোত ভয় খোৱাৰ ফলতেই মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ প্ৰাপ্ত খবৰ মতে, ক্ষেত্ৰীৰ ৰাজেন বৈশ্যৰ লগত বিবাহপাশত আবদ্ধ হোৱা মহিলাগৰাকী কিছুদিনৰ পূৰ্বে বেবেজীয়াৰ মাতৃগৃহলৈ আহিছিল ৷ আজি ভূমিকম্পৰ সময়ত শোৱাপাটীতে থকা মহিলাগৰাকী বাহিৰলৈ ওলাই নহাত পৰিয়ালৰ লোকে ভিতৰলৈ গৈ মাত দিয়াত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰে । দীৰ্ঘদিন ধৰি বহুমুত্ৰ ৰোগত আক্ৰান্ত হৈ থকা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত মুখেদি তেজ ওলাই আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । অমায়িক, সৰলমনা স্বভাৱৰ সৰবৰহী মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত স্বামী আৰু দুজন পুত্ৰসহিতে বহু ইষ্ট-কুটুম্ব ইহসংসাৰত এৰি থৈ যায় ৷ মহিগৰাকীৰ এনে অকাল মৃত্যুত সমগ্র বেবেজীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ বিপৰীতে বিভিন্ন জনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা