ৰমজানৰ সুযোগলৈ অত্যৱশ্যকীয় সামগ্ৰী- ফলমূলৰ মূল্যবৃদ্ধি, চৰকাৰ - প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী আমছুৰ

ক'ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনৰ নীতি- নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান 

বঙাইগাঁওঃ২০ এপ্ৰিলঃ ৰমজানৰ ৰজাৰ গইনা লৈ চিণ্ডিকেট চক্ৰই ফলমূল, মাছ-মাংস আদি অত্যৱশ্যকীয় খাদ্য সমাগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণক জ্বলাকলা খুৱাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে৷ মঙলবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত আমছুৰ সভাপতি সৰকাৰে কয় যে ইছলাম ধৰ্মালম্বী লোকৰ পৱিত্ৰ ৰমজানৰ সুযোগ লৈ সমগ্ৰ অসমত অদৃশ্য চিণ্ডিকেট চক্ৰই ফলমূল,মাছ,মাংস আদিকে ধৰি অত্যৱশ্যকীয় বয়বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি ঘটাইছে ৷ ক'ৰোনাতংকই জনসাধাৰণৰ কামকাজ স্থবিৰ কৰি তোলাৰ আশংকাৰ মাজতে চেণ্ডিকেট চক্ৰটোৱে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থক প্ৰাধান্য দি মূল্যবৃদ্ধি ঘটাইছে ৷ এনে অৱস্থাত ৰাইজে নাখাই মৰিবলগীয়া অৱস্থা হ'ব বুলিও কয় ৷ সেয়ে এই মুহূৰ্ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক ৰাজ্যৰ প্ৰতিখন জিলাৰ বজাৰ পৰ্যৱেক্ষণ কৰি প্ৰতিটো বস্তৰ মূল্য নিৰ্ধাৰণ কৰি মূল্যবৃদ্ধি যাতে কোনেও কৰিব নোৱাৰে আৰু কোনেও চিণ্ডিকেটৰাজ চলাব নোৱাৰে তাৰ বাবে
বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আমছুৰ সভাপতিগৰাকীয়ে আহ্বান জনায় ৷ লগতে বুধবাৰে ৰাজ্যখনৰ বিভিন্ন জিলাৰ উপায়ুক্তক খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰি ইয়াৰ পিচতো যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে ,তেতিয়াহলে ৰাইজৰ স্বাৰ্থত সংগঠনটোৱে ক'ভিড পৰিস্থিতিৰ মাজতো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰ তথা প্ৰশাসনক সকিয়াই দিয়ে ৷ 

ইপিনে ক'ভিড-১৯ৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিত অসমৰ ৰাইজক বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনায় আমছুৰ সভাপতি সৰকাৰে৷ সভাপতিগৰাকীয়ে কয় যে ২০২০ বৰ্ষত ক'ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মুহুৰ্তত ৰাইজে সতৰ্কতা অৱলম্বন কৰিছিল৷ কিন্ত এইবেলি ৰাইজে বিষয়টোত গুৰুত্ব দিয়া নাই ৷ ইতিমধ্যে ক'ৰোনাৰ ভয়াৱহতা বৃদ্ধি পাব ধৰিছে আৰু এনে অৱস্থাত সতৰ্কতা গ্ৰহণ নকৰিলে পিছলৈ অধিক ভয়াৱহ সমস্যাৰ সৃষ্টি হোৱাৰ শংকা আছে ৷ তদুপৰি এইবেলি প্ৰশাসনেও বিষয়টোত গুৰুত্ব দিয়া নাই বুলি সৰকাৰে অভিযোগ উত্থাপন কৰি কয় যে যোৱাবাৰ চৰকাৰ তথা প্ৰশাসনে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল এইবাৰ পৰিলক্ষিত হোৱা নাই ৷ কিন্তু এইবাৰ পূৰ্বতকৈও অধিক ভয়াৱহ ৰূপত ক'ৰোনাৰ সংক্ৰমণ হৈছে ৷ ইতিমধ্যে দিল্লী , মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত ক'ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু অসমতো ক্ৰমাৎ সংক্ৰমণ বৃদ্ধি পাইছে ৷ সেয়ে স্বাস্থ্য ৰক্ষাৰ দায়িত্ব যিহেতু নিজৰ নিজৰ , গতিকে জনসাধাৰণক মাস্ক পৰিধান কৰা, হাতধোৱা, পৰিস্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়াৰ লগতে চৰকাৰ আৰু প্ৰশাসনে ক'ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে দিয়া নীতি নিৰ্দশনা পালন কৰি চলিবলৈকো আমছু নেতা গৰাকীয়ে ৰাইজক আহ্বান জনায়৷ লগতে চৰকাৰী ক'ভিড বিধি মানি চলাৰ ক্ষেত্ৰত প্ৰশাসনক অধিক কঠোৰ হ'বলৈকো আহ্বান জনায় ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা