ৰাইদঙীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, প্ৰবীন খেলুৱৈ ৰামকৃষ্ণ ৰাজাৰ জীৱনাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ মে’: নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ৰজাগাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী, ৰাইদঙীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা একালৰ খ্যাতনাম ফুটবল খেলুৱৈ ৰামকৃষ্ণ ৰাজাৰ শুকুৰবাৰে সন্ধ্যা প্ৰায় চাৰে ছয় বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ ৷ সৰবৰহী ৰাজাই মেঘালয় পুলিচত আৰক্ষী বিষয়াৰূপে যোগদান কৰি কিছু বছৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত চাকৰি ত্যাগ কৰি ঘৰলৈ ঘূৰি আহি সামাজিক কাম-কাজত নিজকে নিয়োজিত কৰিছিল ৷ ক্ৰীড়া ক্ষেত্ৰখনতো দখল থকা ৰাজা এসময়ৰ মধ্য অসমৰ  ক্ৰীড়াক্ষেত্ৰ খনত এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ ৰূপে জিলিকি উঠিছিল ৷ ১৯৯৫ চনত ৰাইদঙীয়া গাঁও পঞ্চায়তৰ সভাপতি হিছাপে নিৰ্বাচিত হৈ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা ৰাজা সৌৰভ শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ লগতে ৰজাগাঁও প্ৰাথমিক বিদ্যালয় আৰু ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ আসন শুৱনি কৰিছিল ৷ সৎ আৰু অমায়িক স্বভাবৰ ৰাজাৰ বিয়োগত বিয়োগত বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ বিপৰীতে তেওঁৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাৱ, সাংবাদিক সুৰক্ষা মঞ্চ, বেবেজীয়া, বটদ্ৰৱা, ধিং, জাজৰি প্ৰেছ ক্লাৱ, সৌৰভ শাখা সাহিত্য সভা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিপুত্ৰ, তিনিগৰাকী বোৱাৰী, এগৰাকী কন্যা সন্তান, নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা