চকলাঘাটত কৰ’নাত আক্ৰান্ত হৈ নৱ বিবাহিতা মহিলাৰ মৃত্যু

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ এপ্ৰিলঃ নগাঁও জিলাত মহামাৰী কৰ’নাৰ দ্বিতীয়টো ঢৌয়ে বৰ্তমান জটিল ৰূপ ধাৰণ কৰিছে ৷ চৰকাৰে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে যদিও জিলাখনত দ্ৰুত গতিত কৰ’নাত আক্ৰান্তৰ সংখ্যা বদ্ধি পাই অহাত ৰাইজ শংকিত হৈ পৰিছে ৷ এনে এক পৰিস্থিতিৰ মাজতে আজি জিলাখনৰ বেবেজীয়াৰ কিছু নিলগৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটত এগৰাকী নৱ বিবাহিতা মহিলাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰাত অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ মতে, চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ যাদৱ ভূঞা নামৰ যুৱকজনৰ নৱ বিৱাহিতা পত্নী বনলক্ষ্মী বৰা(২৮)ৰ বিগত কেইবাদিনো জ্বৰ, কাহ আদি ৰোগত ভুগি আছিল যদিও ঘৰতে মহিলাগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ কিন্তু কালি পুৱাৰ ভাগত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত নগাঁও চহৰলৈ নিয়া হয় আৰু তাতে স্বাস্থ্য বিভাগৰ দলে ক’ভিড টেষ্ট কৰাত মহিলাগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷ লগে লগে স্বাস্থ্য বিভাগৰ দলে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে যদিও আজি পুৱাৰ ভাগত মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ ইফালে, মৃত মহিলাগৰাকীৰ স্বামীৰ দেহটো ক’ভিডৰ উপস্থিতি ধৰা পৰাত তেওঁকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য, জন্মসূত্ৰে মৰিগাঁৱৰ জাগীৰোডৰ বাসিন্দা মহিলাগৰাকী প্ৰায় এসপ্তাহৰ পূৰ্বে চকলাঘাটৰ দৰঙীয়াল গাঁৱলৈ বিয়া হৈ আহিছিল ৷ নৱ বিবাহিত মহিলাগৰাকী এনে আকস্মিক মৃত্যুত স্থানীয় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা