সাৱধান ভাৰত ! তীব্বতীক লৈ চীনে গঢ়িছে সেনাবাহিনী

দীপজ্যোতি ডেকা : ভাৰত আৰু তীব্বতৰ সম্পৰ্ক সকলোৰে জ্ঞাত। তীব্বতৰ নিৰ্বাসিত ধৰ্মগুৰু দালাই লামাক চীনৰ ৰঙা চকুকো কেৰেপ নকৰি ভাৰতে আশ্ৰয় প্ৰদান কৰি ৰাখিছে। চীনৰ পৰা মুক্তি পাবলৈ ভাৰতৰ প্ৰায়েই সহায় কামনা কৰি আহিছে তীব্বতীসকলে। কিন্তু সেই তীব্বতীসকলক লৈয়েই এতিয়া নতুন সেনাবাহিনী গঢ়াৰ দিশে আগবাঢ়িছে চীন। চোৰাংচোৱা সংস্থাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশিত ৱাতৰিমতে তীব্বতৰ চুকে কোণে চীনা সৈন্য সোমাই বচা বচা যুৱকক উঠাই আনিছে আৰু নতুন সেনাবাহিনী গঠন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তীব্বতীসকল উচ্চ পাহাৰত থকাৰ লগতে তীব্বতী পৰিৱেশৰ লগত চীনা সৈন্যৰ তুলনাত অভ্যস্ত। বিশেষকৈ হিমালয়ান যুদ্ধক্ষেত্ৰৰ কম অক্সিজেন থকা অঞ্চলত চীনা সৈন্যই ভাৰতীয় সেনাৰ বিৰুদ্ধে সদায় সমস্যাৰ সন্মুখীন হৈ আহিছে। তীব্বতীসকলেও ভাৰতীয় সেনাক পৰোক্ষভাৱে সহায় কৰা দেখা যায়। এই কথা নজৰত ৰাখিয়েই চীনা সেনাই তীব্বতী যুৱকক লৈ ভাৰতৰ বিৰুদ্ধে সৈন্যবাহিনী গঠন কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ খৱৰ লাভ কৰা গৈছে; এয়া নি:সন্দেহে ভাৰতৰ বাবে ভাল খৱৰ নহব। হিমালয়ৰ পাদদেশত ভাৰতীয় সেনাই নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ হলে এই বিষয়টোক গুৰুত্বসহকাৰে লব লাগিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা