বঙাইগাঁও জিলাত পুনৰ ৩৬ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ
বঙাইগাঁওঃ ২৫ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ভিড- ১৯ প'জিটিভ ৰোগীৰ সংখ্যা আজি ২৫২ জনলৈ বৃদ্ধি পাইছে ৷ জিলাখনত আজি ৩৬ জনকৈ ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰে ৷ আজি জিলাখনত মুঠ ৭৭২ জন ব্যক্তিক ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হৈছিল ৷ উল্লেখ্য যে আজিৰ দিনটোত জিলাখনত ১৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment