যেতিয়া এজন অনুৰাগীক লগ কৰিবলৈ শ্বুটিং এৰি গৈছিল "বাহুবলী" প্ৰভাশ...

নিউজ ডেস্ক : নিজৰ এজন অনুৰাগীক লগ কৰিবলৈ শ্বুটিং এৰি গৈছিল জনপ্ৰিয় অভিনেতা প্ৰভাশে। ব্যৱসায়ী বেম্পা কাচি ৰাজুৱে এক সাক্ষাতকাৰত কোৱা কথাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিমতে প্ৰভাশৰ এগৰাকী অনুৰাগী কেন্সাৰ ৰোগত আক্ৰান্ত হৈ অন্তিম ক্ষণত উপনীত হৈছিল। তেঁওৰ জীৱনত মাত্ৰ দুঘন্টা বাকী আছিল। তেঁওৰ শেষ ইচ্ছা আছিল এবাৰ কাষৰ পৰা প্ৰভাশক চোৱা। সেই কথা জানি ততাতৈয়াকৈ প্ৰভাশে শ্বুটুং এৰি হাস্পটাললৈ আহে অনুৰাগীজনক লগ কৰি স্পৰ্শ কৰে। ইয়াতে আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগীগৰাকী। তেঁও হেনো ইয়াৰ পিছত দুঘন্টাৰ ঠাইত ১০ দিনলৈ জীয়াই আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা