পহিলা ব’হাগে আনিলে আশাৰ বতৰা≈≈বেবেজীয়াত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ

# পহিলা ব’হাগে আনিলে আশাৰ বতৰা≈≈বেবেজীয়াত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ এপ্ৰিলঃ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে নিয়োজিত এচাম আৰক্ষীৰ চূড়ান্ত মইমতালি আৰু স্বেচ্ছাচাৰিতাৰ বাবেই সাধাৰণতে জনসাধাৰণৰ লগত আৰক্ষীৰ এটা সু-সম্পৰ্ক দেখিবলৈ পোৱা নাযায় ৷ ক্ষমতাৰ ৰাগীত মতলীয়া একাংশ আৰক্ষীয়ে নিজৰ দায়িত্বৰ সীমা চেৰাই গৈ প্ৰায়েই জনসাধাৰণক ভয়-ভাবুকিৰে ত্ৰাসিত কৰি অহাহে দেখা যায় ৷ কিন্তু ইয়াৰ মাজতো এচাম আৰক্ষীৰ লোক আছে, যিসকলে সৰ্বসাধাৰণ লোকৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলি সৰ্বসাধাৰণৰ দুখ-দুৰ্গতিৰ সমভাগী হৈ পৰে ৷ এইসকল মানৱ দৰদী আৰক্ষীৰ লোকে সময়ে সময়ে নিজৰ গধুৰ দায়িত্বৰ মাজতো ৰাইজৰ বাবে কিবা এটা ভাল কাম কৰাৰ সপোন দেখে ৷ তেনে এজন আৰক্ষীৰ লোক হৈছে অসম আৰক্ষীৰ সদ্য অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া প্ৰফুল্ল কুমাৰ বৰা ৷ নগাঁও জিলাৰ বিৰহ বেবেজীয়া নিবাসী এইগৰাকী আৰক্ষী বিষয়াই ব’হাগ মাহৰ পহিলা দিনটোতে গ্ৰহন কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ ৷ তেওঁ শ্ৰমজীৱি খাতি-খোৱা কেইবাজনো সমাজৰ বিশেষ ব্যক্তিক তেওঁলোকৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ সেইসকলক উৎসাহ যোগোৱাৰ মানসেৰে আনুষ্ঠানিকভাবে বিহুববীয়া শুভেচ্ছা আৰু স্নেহাশীষ আগবঢ়ায় ৷ এই মৰ্মে, সামাজিক-সাংস্কৃতিক অনুষ্ঠান ত্ৰাহি গোষ্ঠীৰ উদ্যোগত তথা আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ একান্ত প্ৰচেষ্টাত বৃহস্পতিবাৰে বিৰহ বেবেজীয়াত এক সম্বৰ্ধনা অনুষ্ঠিত কৰা হয়। বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞা, বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক বিপুল চক্ৰৱৰ্তী, শিক্ষক নবীন বৰা, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, সাংবাদিক অজিত শইকীয়া, ভাস্কৰ বৰা, লক্ষ্যজ্যোতি বৰা, উদ্যমী যুৱক ভূৱন শইকীয়া, সমাজকৰ্মী ৰেৱত হাজৰিকাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত বহু কষ্টৰে স্ব-নিৰ্ভৰশীল হৈ আত্ম-সংস্থাপনৰ বাটেৰে আগবাঢ়ি গৈ নৱ প্ৰজন্মৰ বাবে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা অঞ্চলৰ ১৫ গৰাকী লোকক একোখনকৈ বিহুৱান, শুভেচ্ছামূলক পত্ৰৰ লগতে একোটিকৈ বিশেষ উপহাৰৰ টোপোলাৰে সন্মানিত কৰা হয়। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল কুমাৰ বৰাৰ এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা