অন্ধবিশ্বাস সন্দৰ্ভত পাঠ্যক্ৰমত শীঘ্ৰে অধিক পাঠ অন্তৰ্ভুক্ত কৰক ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী ২৬ এপ্ৰিল:   যোৱা ২৪এপ্ৰিলৰ নিশা ৰঙাপাৰাৰ লক্ষেশ্বৰী দৈমাৰী নামৰ এগৰাকী মহিলাক ডাইনীৰ নামত হানি খুচি হত্যা কৰা হয়। ৰঙাপাৰা থানাৰ  অন্তৰ্গত ১নং গেৰুগাজুলি নামে ঠাইত যোৱা পৰহি নিশা উক্ত মহিলাগৰাকীক নৃশংস ভাবে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ঘটনাৰদিনা নিশা নাতিনিয়েকৰ সৈতে শুই থকা অৱস্থাত নিৰীহ মহিলাগৰাকীক একাংশ দুৰ্বৃত্তই শোৱা পাতিৰ পৰা উঠাইলৈ মাৰ পিত কৰি হানি খুচি হত্যা কৰা কাৰ্যক তীব্ৰ ভাবে নিন্দা কৰি অন্ধবিশ্বাস বিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে মানৱ ৰূপী একাংশ জ্ঞানহীন দানৱ আৰু একাংশ ষড়যন্ত্ৰকাৰীৰ বাবে সময়ে সময়ে অন্ধবিশ্বাস তথা ডাইনীৰ নামত নিৰ্যাতন তথা হত্যা কাণ্ড সংঘটিত হৈ আহিছে। 

ডঃ শইকীয়াই লগতে কয় দীৰ্ঘদিন ধৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰাখি ডাইনী কাণ্ড প্ৰতিৰোধী এখন কঠোৰ আইন ২০১৮ বৰ্ষত প্ৰণয়ন কৰা হয় যদিও বৰ্তমানেও সাধাৰণ মানুহৰ লগতে বহু প্ৰশাসনিক বিষয়াই এই আইন খনৰ সন্দৰ্ভত জ্ঞাত নহয়। একাংশ সামাজিক সংগঠন মানৱ অধিকাৰ তথা সমাজ কর্মীয়ে সজাগতা অভিযান চলাই আহিছে যদিও আন একাংশ সামাজিক সংগঠন তথা কৰ্মীয়ে সঠিকভাবে উপস্থাপনত অপাৰগ হোৱা হেতু সময়ে সময়ে এনে ঘটনা সংঘটিত হৈ আহিছে।।        

 ডঃ দিব্যজ্যোতি শইকীয়াই শীঘ্ৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে পাঠ্যপুথিত অধিক পাঠ প্ৰণয়ন কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি দোষীক The Assam Witch Hunting PPP Act 2015ৰ আইনৰ অধীনত শাস্তি বিহিবলৈ দাবী জনায়। ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা