বঙাইগাঁৱতো সন্ধিয়া ৬ বজাৰ পৰা বন্ধ থাকিব সকলো দোকান- পোহাৰ ,ব্যৱসায়িক প্ৰতিষ্ঠান,বজাৰ

বঙাইগাঁৱত চেম্বাৰ অৱ কমাৰ্চৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা 

বঙাইগাঁওঃ ২১ এপ্ৰিলঃ দেশব্যাপী আতংকৰ সৃষ্টি কৰা ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে  ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনাসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বঙাইগাঁও  চেম্বাৰ অৱ কমাৰ্চৰ লগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত জিলা উপায়ুক্ত ডাঃ এম . এছ . লক্ষ্মী প্ৰিয়াই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিয়ম সমূহ পৰ্যালোচনা কৰি নিৰ্দেশনা জাৰি কৰে যে বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত ব্যবসায়িক প্ৰতিষ্ঠান সমূহে সকলো দোকান-পোহাৰ , চুপাৰ মাৰ্কেট, শ্বপিং ম'ল, সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাৰ পৰা বন্ধ থাকিব । তাৰোপৰি প্ৰতিখন দোকানৰ দোকানীয়ে একেলগে পাঁচ জনতকৈ অধিক গ্ৰাহকক সোমাবলৈ দিব নোৱাৰিব আৰু প্ৰতি গৰাকী গ্ৰাহকে সামাজিক দূৰত্ব মানি চলি ৬ ফুট দূৰত্বৰ ব্যৱধানত থাকিব লাগিব । গ্ৰাহকক সামগ্ৰী দিয়তে দোকানীৰ লগতে কৰ্মচাৰী সকলে মাস্ক আৰু হেণ্ডগ্লোভচ পৰিধান কৰি গ্ৰাহকক সামগ্ৰী দিব লাগিব । ইয়াৰ উপৰিও ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য খাদ্য প্ৰতিষ্ঠানবোৰে সন্ধিয়া ৬ বজালৈ গ্ৰাহকক নিজৰ দোকানৰ পৰিসৰৰ ভিতৰত খাদ্য পৰিবেশন কৰিব দিব পাৰিব যদিও ৬ বজাৰ পিছত গ্ৰাহকে ইচ্ছা কৰিলে দোকানৰ পৰা খাদ্য বস্তু ক্ৰয় কৰি লৈ যাব পাৰিব । মুঠৰপৰ ৬ বজাৰ পিছত কোনো গ্ৰাহকে দোকানত বহি খাদ্য খাব নোৱাৰিব । হোটেলৰ লগত সংলগ্ন থকা ৰেষ্টুৰেণ্ট বোৰেও সন্ধিয়া ৬ বজালৈকেহে বাহিৰ পৰা যোৱা গ্ৰাহকক খাদ্য পৰিবেশন কৰিব পাৰিব । আনহাতে হোটেলত থকা গ্ৰাহক সকলে সাধাৰণ সময়তে খাদ্য গ্ৰহণ কৰিব পাৰিব । ই- কমাৰ্চৰ জৰিয়তে কৰা অত্যাৱশ্যকীয়া সামগ্ৰীৰ গৃহ যোগান ( Home delivery ) সন্ধিয়া ৬ বজাৰ পিছলৈ বাহাল থাকিব । সভাত  অতিৰিক্ত উপায়ুক্ত ড০ চৈয়দ তহিদুৰ ৰহমান, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা