ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰে ঘৰে গৈ ইফতাৰ জাতীয় সামগ্ৰী বিতৰণ আৰক্ষী বিষয়াৰ

লাহৰীঘাটৰ বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ প্ৰসংশনীয় পদক্ষেপ। গাঠিৰ ধনেৰে  ৰমজান মাহ উপলক্ষে অঞ্চলটোৰ বহু ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰে ঘৰে গৈ ইফতাৰ জাতীয় সামগ্ৰী বিতৰণ কৰে। 

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিছে ত্যাগ আৰু সংযমৰ মাহ,ৰমজান মাহৰ ৰোজা। ইছলাম ধৰ্মাৱলম্বী লোক সকলে দিনটো লঘু থাকি সৃষ্টি কৰ্তাৰ চৰণত নিজৰ লগতে সমাজৰ কল্যাণৰ বাবে দোৱা-প্ৰাৰ্থনা জনায়। ৰমজান মাহ উপলক্ষে এক প্ৰশংসনীয় পদক্ষেপ লাহৰীঘাটৰ বৰছলা অঞ্চলৰ ৰাইজৰ প্ৰসংশা লাভ কৰিবলৈ সক্ষম হৈছে বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠৰে। অঞ্চলটোৰ বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ ইফতাৰ জাতীয় খাদ্য-সামগ্ৰী আগবঢ়োৱাৰ লগতে কভিড প্ৰটকল মানি চলিবলৈ সজাগতা চলাই ভাৰপ্ৰাপ্ত বিষয়া জনে। উল্লেখ্য যে শংকৰ-আজানৰ দেশ অসমত এয়াই হৈছে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা একতা আৰু সমন্বয়ৰ হেতু। 

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা