বঙাইগাঁও জিলাত একেদিনাই ৩৩ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

বঙাইগাঁও জিলাত ক'ৰোনাৰ ভয়াৱহ সংক্ৰমণ 

আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ

একেদিনাই ৩৩ জনৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ  

বঙাইগাঁওঃ ১৯ এপ্ৰিলঃ বঙাইগাঁও জিলাত মহামাৰী ক'ৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে ৷ আজি জিলাখনত ক'ৰোনাত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰে ৷ জিলাখনত আজি নতুনকৈ ৩৩ জন ব্যক্তিৰ দেহত ক'ভিড - ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াকে ধৰি জিলাখনত মুঠ সক্ৰিয় ক'ভিড - ১৯ ত আক্ৰান্তৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি পালে ৷ কিন্তু ইয়াৰ পিচতো যেন গা লৰা নাই জনসাধাৰণৰ ৷ অধিকাংশ লোকেই মাস্ক পৰিধান কৰিবলৈ বাদ দিছে ৷ লগত ৰাখে যদিও পৰিধান নকৰাকৈয়ে বজাৰে - সমাৰে , বাহনে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷ সেইদৰে ভিৰ কৰিছে বিভিন্ন ঠাইত উদযাপিত বিহুৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত ৷ গাত গা লগাই উপভোগ কৰিছে সাংস্কৃতিক অনুষ্ঠান ৷ এনে পৰিস্থিতি দেখি সচেতন ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ জিলা প্ৰশাসনে বিহু আদি অনুষ্ঠানত ক'ভিড প্ৰ'টকল মানি চলিবলৈ নিৰ্দেশনা দিছে যদিও বাস্তৱত সেয়া হৈ উঠা নাই ৷ একেদৰে বিভিন্ন স্থানত চলি আছে  বিভিন্ন পূজাও ৷ সেয়ে বৰ্তমানৰ পৰিস্থিতিত নিশাৰ ভাগত কোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে বুলিও সচেতন মহলে মন্তব্য কৰিছে ৷ ইপিনে এতিয়াও বহুতে ক'ৰোনাক লৈ ৰাজনীতি চলি থকা বুলিহে ক'ব খোজে ৷ সেয়ে জিলাখনত ক'ৰোনাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি জনজীৱনলৈ বিপদ সংকেত কঢ়িয়াই অনাৰ পূৰ্বে জিলা প্ৰাশাসন অধিক কঠোৰ হোৱাৰ প্ৰয়োজন আহি পৰিছে বুলি সচেতন মহলে মতপোষণ কৰিছে ৷ অন্যথা ইয়াৰ পৰিণাম জিলাবাসীয়ে ভুগিব লাগিব ৷ উল্লেখ্য যে আজিৰ দিনটোত জিলাখনত মুঠ ৩,৮৭২ জন ব্যক্তিক এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হৈছিল ৷ ইয়াৰ ভিতৰত ৩৩ জন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷  

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা