কৃষ্ণাইত স্বামী স্ত্ৰীৰ দেহত কৰ’না পজিটিভঃজ্যোতিনগৰবাসীৰ মাজত আতংক

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি দুগৰাকী ব্যক্তিৰ দেহত মহামাৰী কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে ৷ আক্ৰান্ত লোক দুগৰাকীৰ নাম বলোৰাম বিশ্বাস (৩৪) আৰু মৌচুমী বিশ্বাস (৩০) ৷ সম্বন্ধত তেওঁলোক
স্বামী স্ত্ৰী ৷ উল্লেখ্য যে কৰ’না মহামাৰীৰ দ্বিতীয়টো লহৰত আক্ৰান্ত কৃষ্ণাইৰ এইটোৱে প্ৰথম ঘটনা ৷ আজি কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলি থকা ৰেপিড টেষ্টৰ সময়তে এই দুগৰাকী ব্যক্তিৰ দেহত কৰ’না পজিটিভৰ অৱস্থিতি পোহৰলৈ আহে ৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি কৃষ্ণাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মুঠ ২৫ লোকৰ ৰেপিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ মাজতে বলোৰাম বিশ্বাস আৰু মৌচুমী বিশ্বাসৰ দেহত কৰ’না পজিটিভ ধৰা পৰে ৷ জানিব পৰা মতে,বলোৰাম বিশ্বাস আৰু মৌচুমী বিশ্বাসে জিএমচিএইচত থকা কোনোবা ৰোগীৰ খবৰ লৈ কালি সন্ধিয়া গুৱাহাটীৰ পৰা কৃষ্ণাইলৈ উভতি আহিছিল ৷ জ্যোতিনগৰ নিবাসী এই দম্পতীৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে সমগ্ৰ কৃষ্ণাইতে আতংকই বিৰাজ কৰিছে ৷ ইফালে আক্ৰান্ত লোক দুগৰাকীক স্বাস্থ্য বিভাগে ইতিমধ্যে ক’ভিড ১৯ৰ প্ৰট’কল অনুসৰি হোম আইছ’লেচনৰ ব্যৱস্থা কৰা বুলি বিভাগীয় সূত্ৰটোৱে জানিবলৈ দিছে ৷ উল্লেখ্য যে যোৱা পৰহি কৃষ্ণাইৰ কাষৰীয়া লালাবৰি চৌধুৰীপাৰাতো কমল ৰায় নামৰ এজন যুৱকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে ৷ যুৱক জনৰ পৰিয়ালটোক ইতিমধ্যে হোম কোৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ জানিব পৰা মতে, কৰ্ম সূত্ৰে গুৱাহাটীত থকা কমল ৰায় ঘৰত অহাৰ পিছতে অসুস্থ হয় আৰু তেঁৱৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা