মাজুলীত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা:মাজুলীৰ একেখন গাঁৱতে ৪০ জন ক'ৰণাত আক্রান্ত:হাহাকাৰ গাঁওবাসীৰ

নদী দ্বীপ মাজুলীৰ নিকিনিখোৱা গাৱঁত একেদিনাই ৪০ জনকৈ লোকৰ দেহত কভিড পজিটিভ ধৰা কৰিছে। আজি একেদিনাই গাওঁ খনৰ ১৩৫ জন লোকৰ কভিড পৰীক্ষাৰ অন্তত উদ্বেগজনক ভাৱে গাওঁ খনৰ আশা কৰ্মী সহ ৪০ গৰাকীৰ লোকৰ দেহত কভিড পজিটিভ পোৱা গৈছে। লোক সকলৰ মাজত কভিড চিনাক্ত হোৱাৰ লগে লগে গাঁও খনৰ লোক সকলৰ মাজত হাহাকাৰ লাগিছে।
প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিবলৈ গাঁওবাসীৰ লগতে অঞ্চলবাসীক আহ্বান জনাইছে।জানিব পৰা মতে গাওঁ খনৰ এটি শিশুৰ ডায়েৰীয়া হোৱাত চিকিৎসালয়লৈ অনাত শিশুটিৰ কভিড পৰীক্ষা কৰাত শিশুটি পজিটিভ অহাৰ লগতে গাওঁ খনৰ আন দুগৰাকী জ্বৰত আক্ৰান্ত লোকৰ দেহতো কভিড পজিটিভ পোৱাত সমগ্ৰ গাওঁ খনতেই কভিড পৰীক্ষাৰ অন্তত ৪০ গৰাকী লোকৰ কভিড পজিটিভ আহে।অৱশ্যে গাওঁ খনৰ আটাইকেইজন পজিটিভ লোকৰ লক্ষণবিহীন হোৱাৰ বাবে স্বাস্থ্য বিভাগে হ'ম আইছলেশ্যনৰ ব্যৱস্থা কৰি গাওঁ খনক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে।মাজুলীৰ স্বাস্থ্য বিভাগ,জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন,মাজুলীৰ ৰাজহ চক্ৰ বিষয়াই বিষয়টোৰ গুৰুত্ব বুজি গাওঁ খনত এখন কমিটি গঠন কৰি জিলা প্ৰশাসনৰ সৈতে সঘন যোগাযোগ ৰখাৰ ব্যৱস্থা কৰিছে
মাজুলীৰ পৰা পৰাণজ্যোতি বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা