সমাজ সংগঠক মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন≈≈দুখনকৈ গ্ৰন্থ উন্মোচন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ এপ্ৰিলঃ বিশিষ্ট সমাজ সংগঠক, কৰ্মযোগী প্ৰয়াত মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী মঙলবাৰে নগাঁও জিলাৰ বিৰহ বেবেজীয়াস্থিত বৰঠাকুৰৰ বাসগৃহত উদযাপন কৰা হয়। পুৱাৰ ভাগত মাংগলিক কাৰ্য সম্পাদন হোৱাৰ পিছত বিয়লি এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ পুত্ৰ তথা অধিবক্তা, অভিনেতা মুকুল প্ৰসাদ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত "সমাজহিতৈষী মহেশ্বৰ শৰ্মা বৰঠাকুৰ" শীৰ্ষক স্মাৰক গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদ ভগৱান গোস্বামীয়ে কয় যে- মানুহৰ সমষ্টিয়েই সমাজ। এখন সুস্থ আৰু সৱল সমাজৰ সৃষ্টিত গুৰিতেই আছে এচাম সৱল মানুহৰ ত্যাগ ৷ মহেশ্বৰ শৰ্মা বৰঠাকুৰ এই  পৃথিৱীত জন্ম লাভ কৰা সৱল আৰু ত্যাগী মানুহৰ ভিতৰত এগৰাকী পুৰুধা ব্যক্তি ৷ কৃষ্টি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনি সম্পাদনা কৰিছে মুকুল প্ৰসাদ বৰঠাকুৰে ৷ ইফালে, আনখন গ্ৰন্থ "ৰেৱতী কুটীৰৰ সুৱাস" উন্মোচন কৰে জ্যেষ্ঠ পৰিৱেশ বিজ্ঞানী ডঃ জয়দ্বীপ বৰুৱাই ৷ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত ডঃ জয়দ্বীপ বৰুৱাই কয়-- এজন ব্যক্তিৰ নামত প্ৰকাশ কৰা গ্ৰন্থই ব্যক্তিজনৰ কৰ্মৰাজীৰ বিষয়ে আমি জানিব পাৰো। ব্যক্তি গৰাকীৰ জীৱন দৰ্শনে সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত এক আদৰ্শ দাঙি ধৰে। নৱ প্ৰজন্মই এনে গ্ৰন্থ অধ্যয়ন কৰিলে উপকৃত হ'ব বুলি তেওঁ লগতে মন্তব্য কৰে। এই "ৰেৱতী কুটীৰৰ সুৱাস" শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰিছে মৃদুলা বৰঠাকুৰ গোস্বামীয়ে। অনুষ্ঠানত সাংবাদিক দেৱজিৎ হাজৰিকা, ৰহা মহাবিদ্যালয়ৰ অধ্যাপক মৃণাল শৰ্মা, অৱসৰপ্ৰাপ্ত বেংক বিষয়া ভাৰত গোস্বামী, ভাৰতীয় জীৱন বিমা নিগমৰ অৱসৰপ্ৰাপ্ত  বিষয়া কুমুদ ভট্টাচাৰ্য, অধিবক্তা সন্ত হাজৰিকা, হেমন্ত বৰা, দ্বীপেন কলিতা, ধীৰেন বৰা, মিনাৰা বেগম, অভিনেতা-পৰিচালক শোণিত দাস, অভিনেত্ৰী সুস্মিতা শইকীয়া আৰু প্ৰয়াত মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ পৰিয়াল বৰ্গৰ লোক সকলে অংশগ্ৰহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা