বঙাইগাঁৱত পুনৰ ১৩ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ
বঙাইগাঁওঃ ১০ এপ্ৰিলঃ বঙাইগাঁও জিলাত দৈনিক ক'ভিড- ১৯ প'জিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ জিলাখনত কেৱল আজিৰ দিনটোতে নতুনকৈ ১৩ জন ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰিছে ৷ কিন্তু জিলাখনত জনসাধাৰণৰ মাজত বিশেষ সচেতনা দেখিবলৈ পোৱা নাই ৷ অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈয়ে বজাৰে - সমাৰে , বাটে- পথে ঘূৰা- ফিৰা কৰি থকা পৰিলক্ষিত হৈছে ৷ একেদৰে মানি চলা পৰিলক্ষিত হোৱা নাই সামাজিক দূৰত্ব ৷ চেনিটাইজাৰৰ ব্যৱহাৰো কমি গৈছে ৷ এনে অৱস্থাত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাই থকা ক'ৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ শংকাত ভুগিছে সচেতন মহলে ৷ শুকুৰবাৰে জিলাখনৰ পাঁচজনকৈ ব্যক্তৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিচত আজি পুনৰ আন ১৩ জন ব্যক্তিৰ দেহত ক'ভিভ- ১৯ প'জিটিভ ধৰা পৰাত বৰ্তমান জিলাখনত সক্ৰিয় ক'ভিড প'জিটিভ ৰোগীৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পালে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment