ব্ৰেকিং ::: বজালী জিলা প্ৰশাসনৰ প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা

সঞ্জীৱ দাস, বজালী, ২০ এপ্ৰিলঃ বজালী  জিলাৰ  উপায়ুক্ত  মৃগেশ নাৰায়ন বৰুৱাই এক জাননীযোগে  আজি  জিলাখনৰ   অন্তৰ্গত   চৰকাৰী আৰু  বেচৰকাৰী সকলো  প্ৰাক প্ৰাথমিক বিদ্যালয় আৰু  প্ৰাথমিক  বিদ্যালয়   কাইলৈ  21  এপ্ৰিলৰ  পৰা আঠ মে পৰ্যন্ত বন্ধ  ঘোষণা কৰিছে। আজি  ঘোষণা  কৰা  বন্ধ   আঠ মে' পৰ্যন্ত বলবৎ  থকাৰ  উপৰিও  পৰৱৰ্তী পদক্ষেপ  পৰিস্হিতিৰ ওপৰত    পৰ্যালোচনা  সাপেক্ষে  গ্ৰহণ  কৰা  হব  বুলিও  কোৱা  হৈছে  ।
 সাম্প্ৰতিকে   কভিড  19   মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা  ক্ৰমাত  বৃদ্ধি  পোৱাত  পৰিস্হিতিৰ  অৱনতিৰ  আশংকাত  জিলা উপায়ুক্তই চৰকাৰৰ দ্বাৰা  ইতিমধ্যে ঘোষিত  নিৰ্দেশনাৰ  আধাৰতেই এই  বন্ধ  ঘোষণা  কৰিছে  ।  প্ৰাসঙ্গিক ভাৱে  সকলো  স্তৰৰ   জনসাধাৰণক   কভিড    19 ৰ   নীতি নিয়ম কঠোৰ ভাৱে  মানিবলৈ   আহ্বান  জনাই  উপায়ুক্ত গৰাকীয়ে  কয়  যে  জনসাধাৰণৰ  সজাগতা  সাবধানতা আৰু  তৎপৰতাই এই    দিশত  কিছু  হলেও  সকাহ  দিব । উল্লেখ্য  যিকোনো পৰিস্হিতিৰ  সতে  মোকাবিলা  কৰাৰ  সন্দৰ্ভত   জিলা প্ৰশাসন  সম্পূৰ্ণ  সাজু থকা  বুলি  সদৰী  কৰি  উপায়ুক্ত গৰাকীয়ে কয়  যে  সকলো  ধৰণৰ   বাতাবৰণৰ  বাবে  জিলা প্ৰশাসন তৎপৰ  হৈ  আছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা