কিয় এই সংঘাত?

দীপজ্যোতি : এখন বিয়ালৈ গৈছিলো। চিনাকী মানুহ, মোক ভাল পোৱা মানুহ, ময়ো ভাল পোৱা মানুহ। মই যোৱাৰ পিছত তেঁওলোকৰ মাজত বহুত আনন্দ। তেঁওলোকে হেনো ভৱাই নাছিল মই যাম বুলি। তাৰ পিছতে গাঁৱখনৰ বহু মানুহ আহিল, চিনাকী হ'ল মোৰ লগত। অধিকাংশ মানুহেই হাঁহি ধেমালি কৰিলে। তাৰ মাজতে এজনে কলে তেঁও অমুক দলৰ মানুহ, আনজনে ক'লে তেঁও অমুক দলৰ মানুহ। সৰু গাঁও অথচ ৰাজনৈতিক দলীয় কাৰণতে মানুহবোৰ বিভাজিত। তেঁওলোক পিছে সম্পৰ্কীয় হয়, আত্মীয় হয়। কিন্তু বিভাজিত।
      মনত প্ৰশ্ন আহিল, যে কিয় এনেকুৱা হৈছে? সাম্প্ৰতিক ৰাজনৈতিক দিশটো সামগ্ৰিকভাৱে চাবলৈ গ'লে দলবোৰৰ অধিকাংশ নেতাৰ মাজত কোনো নীতি-আদৰ্শ নোহোৱা হৈছে। সুবিধা নাপালেই কোন নেতাই কোন বিপৰীতপন্থী দলত যোগদান কৰে তাৰ কোনো ঠিক নোহোৱা হৈছে। এইবোৰ চালে সুস্থ গণতান্ত্ৰিক ব্যৱস্থাতে প্ৰত্যাহ্বান অহা যেন সকলোৰে ভাৱ হয়। কিন্তু তৃণমূল পৰ্যায়ত এখন সৰু গাঁৱৰ আত্মীয় কুটুম্বৰ মাজতে কেৱল দলীয় কাৰণতে আহি পৰিছে বিভাজন। অথচ এই লোকসকলে দলীয়া এজেণ্ডাৰ লগত হয়তো ভালকৈ এতিয়াও পৰিচিতি লাভ কৰা নাই। এয়া কিন্তু সমাজৰ বাবে ভাল ইংগিত নহয়। অসমীয়া সমাজৰ একতা সদায় ৰাজনীতিৰ উৰ্ধত। কেৱল আত্মীয়, চিনাকীৰ ভিত্তিতে আমাৰ সমাজ ব্যৱস্থা চলি আহিছে। এয়াই আমাৰ একতাৰ এনাজৰী। কিন্তু সংকীৰ্ণ দলীয় স্বাৰ্থৰ বাবে আমাৰ বৃহত্তৰ একতাৰ এনাজৰী বিপদাপন্ন হোৱাতো মুঠেই গ্ৰহণযোগ্য নহয়। সমাজৰ প্ৰাথমিক পৰ্যায়ত আমি সচেতনতা অনা উচিত।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা