বঙাইগাঁৱত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

চহৰৰ মাজমজিয়াত ৰৈ থকা ৫ খন ট্ৰাকৰ চালক - সহ চালকক পিস্তল দেখুৱাই - মাৰপিট কৰি কাঢ়ি নিলে ধন- মোবাইল 

বঙাইগাঁওঃ ১২ এপ্ৰিলঃ বঙাইগাঁও চহৰৰ মাজমজিয়াত যোৱা নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ ডকাইতৰ দলে চহৰখনৰ মাজমজিয়াৰ উত্তৰ বঙাইগাঁওস্থিত তেৰাপন্থ ভৱনৰ ওচৰত ৰৈ থকা ৫ খন ট্ৰাকৰ চালক আৰু সহ চালকক পিস্তল দেখুৱাই মাৰ- ধৰ কৰি তেওঁলোকৰ লগত থকা নগদ ধন আৰু মোবাইল কাঢ়ি লৈ যায় ৷ ডকাইতিৰ ঘটনাটো নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় ৷ জানিব পৰা মতে ৭-৮ জনীয়া দুৰ্বৃত্তৰ এটা দলে যোৱা নিশা উক্ত সময়ত তেৰাপন্থ ভৱনৰ ওচৰত শাৰী পাতি ৰৈ থকা ট্ৰাককেইখনৰ সন্মুখৰ গ্লাচ আৰু খিৰিকী ভাঙি ট্ৰাকচালক তথা সহচালক সকলোক পিস্তল প্ৰদৰ্শন কৰি মাৰপিট কৰে আৰু তেওঁলোকৰ লগত থকা নগদ ধন আৰু মোবাইল ফোন কাঢ়ি লৈ যায় ৷ চহৰ খনৰ মূল প্ৰাণকেন্দ্ৰ স্বৰূপ উত্তৰ বঙাইগাঁৱত এনে চাঞ্চল্যকৰ ঘটনাই চহৰবাসী ৰাইজ তথা ব্যৱসায়ী মহলত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে উক্ত স্থানত বহিঃ ৰাজ্যৰ পৰা বঙাইগাঁওলৈ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহ নিশাৰ ভাগত থাকে ৷ কিন্তু পূৰ্বে এনে ঘটনা সংঘটিত হোৱা নাছিল ৷ এই ঘটনাৰ পিচতে এতিয়া
নিৰাপত্তাহীনতাত ভুগিব লগীয়া হৈছে ৰাইজ ৷ স্থানীয় ৰাইজে বঙাইগাঁও আৰক্ষীৰ সোপাঢিলা স্থিতিৰ বাবেই এতিয়া চহৰখনত চুৰি- ডকাইতি আদিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰা বুলি অভিযোগ উত্থাপন কৰি এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকো সন্দেহ প্ৰকাশ কৰিছে ৷ কাৰণ চহৰ খনৰ মাজমজিয়াত দুৰ্বৃত্তৰ দলে এইদৰে মুক্তভাবে এখন দুখন নহয় বৰং মুঠ ৫ খনকৈ ট্ৰাকত ডকাইতিৰ ঘটনা সংঘটিত কৰাটো সম্ভৱপৰ নহয়  বুলি ৰাইজে ক'ব বিচাৰে ৷ ৰাইজৰ মতে চহৰ খনৰ লগতে দাতিকাষৰীয়া অঞ্চল সমূহত নিশা আৰক্ষীৰ টহল পৰ্যাপ্ত পৰিমাণৰ নহোৱাৰ কাৰণেও বঙাইগাঁৱত চুৰি ডকাইতিৰ দৰে অপৰাধ জনিত ঘটনা বৃদ্ধি পাই আহিছে ৷ সেয়ে আৰক্ষী প্ৰশাসন তৎপৰ নহলে ৰাইজে এতিয়া নিৰাপত্তাহীনতাত ভুগিব লাগিব ৷ 

চেম্বাৰ অব কমাৰ্চৰ আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ 

বঙাইগাঁও চহৰত সঘনে সংঘটিত হৈ অহা চুৰি - ডকাইতি, লুটৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অব কমাৰ্চে ৷ এক প্ৰেছ বিবৃতি যোগে বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অব কমাৰ্চৰ সভাপতি নিৰ্মল কুমাৰ বৈদ আৰু সাধাৰণ সম্পাদক ধীৰাজ চক্ৰৱৰ্তীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে চহৰ খনত চুৰি- ডকাইতি, ধনলুটৰ দৰে অপৰাধমূলক কাম-কাজ প্ৰতিহত কৰাত ব্যৰ্থ হৈছে আৰক্ষী বিভাগ ৷ চহৰ খনত এনেবোৰ অপৰাধমূলক কাম -কাজ বন্ধ কৰাৰ বাবে আৰক্ষী বিভাগক কঠোৰ ব্যৱস্থা লোৱাৰ বাবেও দাবী জনাইছে ৷ ইপিনে চহৰখনত যোৱা নিশা সংঘটিত হৈ যোৱা লোমহৰ্ষক ডকাইতিৰ ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাই বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকক চেম্বাৰ অব কমাৰ্চৰ পক্ষৰ পৰা আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ চহৰ খনত যদি এনেবোৰ অপৰাধ জনিত ঘটনা বন্ধ নহয় তেনেহলে বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অব কমাৰ্চে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ  লোৱাৰ আশ্বাস প্ৰদান কৰা বুলি চেম্বাৰ্চ অব কমাৰ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত উল্লেখ কৰিছে ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা