বঙাইগাঁৱত সাংবাদিকৰ পত্নীৰ ডিঙিৰ চেইন কাঢ়ি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ

বঙাইগাঁওঃ ২৫ এপ্ৰিলঃ বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ সোপাঢিলা স্থিতিৰ বাবে বৰ্তমান  চহৰখনত বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা ৷ চহৰ খনত প্ৰায় নিয়মিত ভাবে সংঘটিত হৈ আহিছে চুৰি , ডকাইতি , ধনলুট,  মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া আদি ঘটনা ৷ আজি পুৱাও  চহৰখনৰ নতুন পাৰাত দুৰ্বৃত্তই মহিলা এগৰাকীৰ ডিঙিৰ চেইন কাঢ়ি নিবলৈ চেষ্টা চলোৱা ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি বঙাইগাঁৱৰ সাংবাদিক অভিদ্বীপ চৌধুৰীৰ পত্নী তথা শিক্ষয়িত্ৰী পাঞ্চালী দাসে আজি পুৱা প্ৰায় সাত বজাত নিজৰ পুত্ৰক লৈ প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাত মটৰ চাইকেল এখনত আহি থকা দুজনীয়া দুৰ্বৃত্তৰ দলে তেওঁৰ ডিঙিৰ সোণৰ চেইনডাল কাঢ়ি নিয়াৰ চেষ্টা চলায় ৷ অৱশ্যে দুৰ্বত্তৰ দলে চেইনডাল কাঢ়ি নিবলৈ সক্ষম নহ'ল ৷ এই ঘটনাত মহিলা গৰাকী ডিঙিত আঘাত পোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে চহৰ খনত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে এনেবোৰ অপৰাধ জনিত ঘটনা ৷ এই ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী চূড়ান্তৰূপে ব্যৰ্থ হৈছে ৷ দুদিনমান পূৰ্বেও পুৱাৰভাগত চহৰখনৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই চেইন কাঢ়ি নিবলৈ চেষ্টা চলাই বিফল হৈছিল ৷ সেইদৰে কিছুদিন পূৰ্বেও চহৰ খনৰ মাজমজিয়াৰ তেৰাপন্থ ভৱনৰ নিকটতে নিশা ট্ৰাক চালক আৰু হেণ্ডিমেনক মাৰ- ধৰ কৰি দুৰ্বত্তই তেওঁলোকৰ লগত থকা ধন আৰু মোবাইল ফোন কাঢ়িলৈ গৈছিল ৷ ইয়াৰ পিছতো চহৰ খনত চুৰি আদি ঘটনা সংঘটিত হৈয়ে আছে ৷ বঙাইগাঁৱত এতিয়া ৰাইজে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা