নগাঁৱত মহান দাৰ্শনিক লেনিনৰ ১৫১ তম্ জন্ম বাৰ্ষিকী আৰু চি পি আই(এম এল)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ এপ্ৰিলঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত মহান দাৰ্শনিক, কমৰেড লেনিনৰ ১৫১ তম্ জন্ম বাৰ্ষিকী আৰু চি পি আই(এম এল)ৰ ৫২ তম্ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে চি পি আই(এম এল)ৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত উদযাপন কৰা হয় । এই উপলক্ষে এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে দলৰ চি পি আই(এম এল)ৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা "দুৰ্দশাগ্ৰস্তজনক সেৱা কৰক আৰু গণতন্ত্ৰ তথা ন্যায়ৰ বাবে হোৱা গণ আন্দোলনক শক্তিশালী কৰক" শীৰ্ষক আহ্বান পত্ৰৰ আলোচনা কৰা হয়। "দেশ তথা ৰাজ্যৰ সাম্প্ৰতিক সময়ত কমিউনিষ্টৰ প্ৰাসংগিকতা আৰু জনগণৰ ভৱিষ্যত" শীৰ্ষক মূল বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত আলোচক হিচাপে চি পি আই(এম এল) দলৰ ৰাজ্যিক নেতা তথা গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্ত, নগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক চন্দনজ্যোতি বৰা, মুস্তাফা চেলিম আহমেদ অধিবক্তা পৰী কুমাৰী বৰুৱা, শিক্ষক বুদ্ধেশ্বৰ তিমুং, সমাজকৰ্মী প্ৰিয় বৰা আৰু মহিলা নেত্ৰী আয়েফা বেগমে অংশগ্ৰহণ কৰে। মনোজ্ঞ আলোচনা চক্ৰখনিত আলোচক সকলে দেশৰ জনগণৰ ভৱিষ্যত মোডী চৰকাৰৰ দিনত অন্ধকাৰাছন্ন হৈ পৰিছে বুলি মতপোষণ কৰাৰ বিপৰীতে ফেচীবাদৰ কৰাল গ্ৰাসৰ পৰা জনগণক মুক্ত কৰা আৰু সাধাৰণ ৰাইজৰ জীৱন-জীৱিকাৰ সংগ্ৰামক অধিক শক্তিশালী কৰাৰ বাবে কমিউনিষ্ট পাৰ্টিৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে বুলি মন্তব্য কৰি দেশৰ সকলো কমিউনিষ্ট পাৰ্টিক ঐক্যবদ্ধ কৰাৰ দায়িত্ব চি পি আই(এম এল) দলে ল'ব লাগে বুলি সহমত ব্যক্ত কৰে । আলোচনা চক্ৰখনি সঞ্চালনা কৰে বৰপাথৰি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ হাজৰিকাই ৷ এই কাৰ্যসূূূূচীত চি পি আই(এম এল) দলৰ শতাধিক সদস্য, কৰ্মী আৰু সমৰ্থক উপস্থিত থাকে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা