শেনচোৱাত ঐক্য-সম্প্ৰীতিৰ চানেকীৰে ১৪খন গাঁৱৰ ৰাইজৰ সন্মিলীত প্ৰচেষ্টাত মুকলি বিহু উদযাপন

 শেনচোৱাত ঐক্য-সম্প্ৰীতিৰ চানেকীৰে ১৪খন গাঁৱৰ ৰাইজৰ সন্মিলীত প্ৰচেষ্টাত মুকলি বিহু উদযাপন≈≈ঢোল-পেঁপা-গগণাৰ গুমগুমনিত উখল-মাখল বিহুতলি# 

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ এপ্ৰিলঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া শেনচোৱা অঞ্চলৰ চৈধ্যখন গাঁৱৰ ৰাইজৰ সন্মিলীত প্ৰচেষ্টাত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ চানেকীৰে শেনচোৱা আঞ্চলিক সাংস্কৃতিক মঞ্চৰ উদ্যোগত কালি শেনচোৱা তিনিআলিৰ সাংস্কৃতিক মঞ্চৰ খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে মুকলি বিহু উদযাপন কৰা হয় ৷ এই মৰ্মে, সমগ্ৰ অঞ্চলটো ৰঙালীৰ ৰঙেৰে উদ্ভাসিত হৈ পৰাৰ বিপৰীতে সৰ্বত্ৰে উখল-মাখল পৰিবেশৰ সৃষ্টি হয় ৷ তদুপৰি ব্যাপক ওলহ-মালহেৰে অনুষ্ঠিত হোৱা এই মুকলি বিহু উপলক্ষে অঞ্চলটোৰ সৰ্বস্তৰৰ লোক ৰঙালীৰ পাৰভঙা উল্লাসত উটি-ভাহি যোৱাৰ সমান্তৰালকৈ ঢোল-পেঁপা-গগণাৰ গুমগুমনিত শেনচোৱা তিনিআলিৰ আকাশ-বতাহ মুখৰিত হৈ পৰে ৷ কাৰ্যসূচী অনুসৰি পুৱা সভাপতি অশোক মহন্তই শেনচোৱা আঞ্চলিক সাংস্কৃতিক মঞ্চৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে ৭৬ সংখ্যক বিহু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতি সভাপতি পুস্পানন্দ মুদৈয়ে ৷ তদুপৰি শেনচোৱা অঞ্চলৰ চৈধ্যখন গাৱঁৰ বিহু পতাকা উত্তোলন কৰে প্ৰতিখন গাঁৱৰ পৰা প্ৰতিনিধিত্ব কৰা চৈধ্য গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে ৷ ইয়াৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আঞ্চলিক মঞ্চৰ কাৰ্যকৰী উপদেষ্টা পংকজ কুমাৰ নাথে আৰু শ্বহীদ তৰ্পণ কৰে শেনচোৱা আঞ্চলিক সাংস্কৃতিক মঞ্চৰ মূখ্য সচিব সুনিল কুমাৰ বৰাই ৷ বিয়লি ৫ বজাৰ পৰা সদৌ নগাঁও জিলা ভিত্তিত চেমনীয়া-যুৱতী বিহুৱতী সকলৰ মাজত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ মুকলি বিহু প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে শেনচোৱা আঞ্চলিক সাংস্কৃতিক মঞ্চৰ এগৰাকী বিষয়ববীয়া তথা বিশিষ্ট সমাজকৰ্মী সত্যেন্দ্ৰ শইকীয়াই ৷ মুকলি বিহুৰ বিচাৰকৰ আসন শুৱনি কৰে বিশিষ্ট শিল্পী ঘন দাসে ৷  প্ৰতিযোগিতাৰ অন্তত শ্ৰেষ্ঠ প্ৰতিযোগী সকলক বঁটা আৰু মানপত্ৰ প্ৰদানেৰে পুৰস্কৃত কৰা হয়

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা