ৰাইদঙীয়াত সৰ্প দংশনত কৃষকৰ মৃত্যু

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ এপ্ৰিলঃ নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন ৰাইদঙীয়াৰ ন-সত্ৰত শনিবাৰে দুপৰীয়া সৰ্প দংশনত এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত ৭০ বছৰীয়া লোকজনৰ নাম বেথাৰাম শইকীয়া বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ মতে, কৃষিকৰ্মৰে জীৱিকা নিৰ্বাহ কৰা লোকজনে ঘৰৰ পিছফালে থকা বাঁহনিত কাম কৰি থকা অৱস্থাত সৰ্পই দংশন কৰে ৷ কিন্তু সেই কথা লোকজনে ঘৰত কাকোয়েই নকৈ বাঁহনিৰ পৰা আহি গা-পা ধুই দুপৰীয়া আহাৰো গ্ৰহন কৰে ৷ আহাৰ গ্ৰহন কৰাৰ পিছত ঘৰতে জিৰণি লৈ থকা অৱস্থাত হঠাতে লোকজন অসুস্থ হৈ পৰে আৰু মুখেৰে ফেন বাহিৰ হৈ ঠাইতে ঢলি পৰে ৷ লগে লগে পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত লোকজনক নগাঁও চহৰৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃৃত ঘোষণা কৰে ৷ সৰবৰহী লোকজনৰ এনে আকস্মিক মৃত্যুত স্থানীয় অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷ তেওঁ মৃত্যুৰ সময়ত পত্নী, পাঁচজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা