বঙাইগাঁৱত একেদিনাই ৫০ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ

বঙাইগাঁও জিলাত দৈনিক বৃদ্ধি পাইছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা 

একেদিনাই ৫০ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড- ১৯ প'জিটিভ

বঙাইগাঁওঃ ২৮ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে ৷ জিলাখনত দ্ৰুতিগতিত ক'ৰোনাৰ সংক্ৰমণ অব্যাহত থকাত এতিয়া আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ উল্লেখ্য যে জিলাখনত মঙলবাৰে ৬২ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰাৰ পিছত আজি পুনৰ নতুনকৈ ৫০ জনকৈ ব্যক্তিৰ দেহত ক'ভিড- ১৯ প'জিটিভ ধৰা পৰে ৷ ইয়াৰ ফলত জিলাখনত যে ক'ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাকে প্ৰমাণ কৰিছে ৷ জিলাখনত আজিৰ দিনটোত ক'ৰোনাত আক্ৰান্ত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা বাঢ়ি গৈ ৩৬৯ জন হৈছে ৷ আনহাতে ১৭ জন ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত ১ মাৰ্চৰ পৰা বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৯৩ জন ৷ 

প্ৰণৱ কুমাৰ ডেকা 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা