বঙাইগাঁৱত এজনৰ ক'ৰোনাত মৃত্যু

জিলাখনত পুনৰ নতুনকৈ ৩৭ জন ব্যক্তি ক'ভিডত আক্ৰান্ত 

২৩০ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা 

বঙাইগাঁওঃ ২৪ এপ্ৰিলঃ কৰ’না মহামাৰীৰ  দ্বিতীয়টো ঢৌয়ে বঙাইগাঁও জিলাতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত নিতৌ বৃদ্ধি পাইছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ মাজতে আজি বঙাইগাঁৱত ক'ৰোনাত আক্ৰান্ত হৈ এজন ব্যক্তিৰ মৃত্যু ঘটে ৷ মৃত ব্যক্তিজন বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁওস্থিত ব্ৰহ্মপুত্ৰ কাৰ্বন উদ্যোগত কৰ্মৰত মজিদ খান ( ৫৮) বুলি জানিব পৰা গৈছে ৷ ব্যক্তিজনৰ বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ উল্লেখ্য যে ব্যক্তিজনে বিগত চাৰি পাচ দিন ধৰি জ্বৰ , কাহ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল ৷ অৱশেষত আজি পুৱা তেওঁক চিকিৎসাৰ বাবে বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতালত ভৰ্তি কৰাৰ বাবে লৈ অহা হৈছিল ৷ ইয়াতেই তেওঁৰ ক'ভিড টেষ্ট কৰাত দেহত ক'ভিড- ১৯ পজিটিভ ধৰা পৰে ৷ উল্লেখ্য যে ব্যক্তিজনক হাস্পতালত ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে মৃত্যু ঘটে ৷ ইপিনে মৃত ব্যক্তিজনৰ পত্নী আৰু কন্যাও ক'ৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ তেওঁৰ পত্নী উক্ত চিকিৎসালয়তে চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ ইপিনে পুৱা মৃত্যু ঘটা ব্যক্তিজনৰ  ক'ভিড প্ৰটকল অনুসৰি মৃতদেহ সৎকাৰ কৰাৰ কাৰণে উক্ত চিকিৎসালয় কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ সৈতে বাৰম্বাবাৰ যোগাযোগ কৰে যদিও জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো সহাৰি নজনোৱাত নিশালৈকে মৃতদেহটো হাস্পতালতে পৰি থাকে ৷ ক'ৰোনা মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা মজিদ খানৰ ঘৰ কলকাতাত বুলি জানিব পৰা গৈছে ৷ ইপিনে ব্যক্তিজনৰ এই অকাল মৃত্যুত তেওঁৰ কৰ্মস্থলী ব্ৰহ্মপুত্ৰ কৰ্বন উদ্যোগৰ কৰ্মচাৰী সকলোৰ মাজত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে ৷  ইপিনে আজি বঙাইগাঁও জিলাত পুনৰ নতুনকৈ ৩৭ জন ব্যক্তিৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৩০ জনলৈ বৃদ্ধি পাইছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা