সদৌ অসম উন্নয়ন পৰিষদৰ মহানগৰ সমিতি গঠন
আৰ্থ সামাজিক উন্নয়নৰ লক্ষ্য আগত ৰাখি কৰ্ম সম্পাদনা কৰি অহা অৰাজনৈতিক জাতীয় সংগঠন সদৌ অসম উন্নয়ন পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সাংগঠনিক সভা কালি অনুস্হিত হৈ যায় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা সভাতে পাৰ্থ প্ৰতিম ভৰদ্বাজক সভাপতি, নৱজ্যোতি গগৈক সাধাৰন সম্পাদক হিছাপে লৈ পৰিষদৰ নতুন মহানগৰ সমিতিখন পুনৰ গঠন কৰা হয় । উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সুৰয সিং,সাংগঠনিক সম্পাদক দেবেন তালুকদাৰ উপস্হিত অাছিল ।
Comments
Post a Comment