বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত "সামূহিক টিকাকৰণ অভিযান" কাৰ্যসূচী গ্ৰহণ

গুৱাহাটী, ২৬ এপ্ৰিল, ২০২১: ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আজি পুৱা ৯ বজাত উলুবাৰীৰ DTRP Indoor ষ্টেডিয়ামত ৰাজ্যত হৈ থকা ক'ভিড-১৯ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে "সামূহিক টিকাকৰণ অভিযান" ৪৫ উৰ্দ্ধৰ, মহিলা সকলক টিকাকৰণৰ কৰাৰ  পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজি ৩০০ৰো অধিক মহিলা এই টিকাকৰণ অভিযান অংশগ্ৰহণ কৰে।

ৰাজ্যিক, মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীযুতা অপৰাজিতা ভূঞা ডাঙৰীয়ানীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ "সেৱাই সংগঠন" মূলমন্ত্ৰক সৰোগত কৰি প্ৰদেশ মহিলা মৰ্চাই, কোভিড-১৯ মহামাৰীৰ এনে জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণক সহায় কৰিবলৈ  আগবাঢ়ি আহিছোঁ এয়া আমাৰ সকলোৰে কৰ্তব্য, জনকল্যাণৰ স্বাৰ্থত আগলৈও এনেধৰনৰ কাৰ্যসূচী সকলোৰে  সহযোগিতাত  কৰিবলৈ পালে সুখী হম বুলি সংবাদ মাধ্যমৰ আগত জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা