জামুগুৰিহাটত হেঁপাহৰ ৰঙালী বিহু পালন

 জামুগুৰিহাট,২৬ এপ্ৰি'ল : ধৰাৰ বুকুলৈ বসন্তৰ অাগমনৰ লগে লগে জীপাল হৈ পৰে প্ৰকৃতি।ফল ফুল জাতিস্কাৰ হৈ পৰা ধৰাই যেন পুনৰবাৰ সোঁৱৰাই দিয়ে বহাগ অহাৰ বতৰা।কপৌ ফুলৰ নান্দনিক দৃশ্য,কুলি কেতেকীৰ সুৱদি মাতে বিহুৰ বতৰা কঢ়িয়াই অনাৰ লগতে বিহুৱা ডেকাৰ ঢোলৰ গুমগুমনিত যেন সজীৱ হৈ পৰিছে প্ৰকৃতি।ইফালে,চৌদিশে ৰঙালিক অাদৰাৰ এই উখল মাখল পৰিৱেশৰ মাজতে অসমীয়াৰ হিয়াৰ অামঠু বাপতি সাহোন হেপাহৰ ৰঙালী বিহুতিক অাদৰাৰ ক্ষেত্ৰত যেন পিছপৰি থকা নাই জামুগুৰিবাসী ৰাইজ। বিহুৰ প্ৰথম দিনাই অৰ্থাৎ গৰু বিহুৰ দিনাই অঞ্চলটোৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি পুৱাতে গৰুক  মাহ হালধিৰে নোৱাই ধুৱাই "লাও খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা,মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু" এই বুলি গো ধনৰ শ্ৰীবৃদ্ধি কামনাৰে দিনটোলৈ এৰি দিয়াৰ পিছতে সন্ধ্যা এই গো ধন গৃহস্থৰ ঘৰলৈ ঘুৰি অহাৰ পিছত ধুপ ধূনাৰে সেৱা সৎকাৰ জনাই 
নতুন পঘাৰে বান্ধি পৰম্পৰা ৰক্ষা কৰা দেখা যায়।কিন্তু বৰ্তমান সময়ছোৱাত ব'হাগ বিহুৰ পৰম্পাৰ সমূহ কোনো কোনো ঠাইত হ্ৰাস পাইছে যদিও গ্ৰামাঞ্চলত যেন এতিয়াও পূৰ্বৰ ধাৰা অটুত ৰাখিছে গাঁওবাসী ৰাইজে,ইয়াৰ প্ৰতিফলন ঘটিল জামুগুৰিহাটৰ অন্তৰ্গত পাণপুৰত জামুগুৰিহাটৰ পৰা দক্ষিণে অৱস্থিত অাৰু বিভিন্ন ভাষা-ভাষি জাতি - জনজাতিৰ লোকে একত্ৰিত হৈ বসবাস কৰা এই পাণপুৰত বিগত সময়ৰ দৰে এইবাৰো গৰু বিহুৰ দিনাই পাণপুৰৰ ঘিলাধাৰী নৈত ৰাইজে মাহ হালধিৰে নিজৰ গৰু লৈ অহাৰ উপৰিও পাণপুৰ অঞ্চলটোৰ জাক জাক গো ধনক কণ কণ  শিশুৰ পৰা জেষ্ঠ জনেও সমুহীয়া ভাৱে জাক জাক গৰুক মাহ হালধীৰে গা ধুৱাই সকলো অানন্দত অাত্মহাৰা হৈ পৰাৰ লগতে সমুহীয়াকৈ এইদৰে গৰুক নোৱাই ধোৱাই শ্ৰীবৃদ্ধি কামনা কৰি পৰম্পৰা ৰক্ষা কৰি অহাত ৰাইজৰ মাজত ভাতৃত্ববোধ অাৰু সম্প্ৰতিয়ে এক সুকীয়া নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈ আহিছে।ইফালে কালি মানুহৰ বিহু ধৰাৰ বুকুত নাঙঠ প্ৰকৃতিয়ে যেন কাপোৰ সলোৱাৰ দৰে এই মানুহৰ বিহুৰ প্ৰথম পুৱাতেই মধুপুৰৰ ৰাইজে গাৰ কাপোৰ খুলি ন বস্ত্ৰ পৰিধান কৰি হেপাহৰ ৰঙালীৰ বিহুৰ মানুহৰ বিহু পালন কৰিছে।জামুগুৰিহাট অঞ্চলৰ প্ৰতিটো চুকে কোণে উদযাপন কৰি অহা লেখিয়াকৈ মধুপুৰ গাঁও খনৰ মহিলা সকলে পূৰ্বৰ নীতি নিয়ম অাটুত ৰাখি গাওঁ খনৰ নামঘৰ ভাগ সমুহীয়া ভাৱে মুচি চাকি শলিতা জ্বলাই প্ৰাৰ্থনা কৰি এখন পতাকাৰ তলত এক বহাগৰ এই বিশেষ দিনটিত নামঘৰ প্ৰাঙ্গনত মধুপুৰৰ ৰাইজ, মহিলা, যুৱক যুৱতী, অাত্ম সহায়ক গোট, শিশু,অনুষ্ঠান প্ৰতিষ্ঠান সকলো ঐক্যবদ্ধ হৈ মধুপুৰৰ প্ৰতিটো অনুষ্ঠানে এজন এজন বিশেষ ব্যক্তিক অামন্ত্ৰন কৰি অানি সম্বৰ্দ্ধনা জনাই ।প্ৰকৃতিৰ বুকুত অৱহেলিত হৈ পৰি থকা শুকান গছ বন বোৰেও অাজিযে কোমল কুঁহিপাতৰ নতুন ৰূপৰে সজীৱ হৈ পৰিছে। ঠিক নাঙঠ প্ৰকৃতিয়ে নতুন সাজ পিন্ধাৰ দৰেই মধুপুৰৰ ৰাইজৰ হৈ গাওঁ উন্নয়নৰ সভাপতি ৰত্নেশ্বৰ বৰাই গাঁও খনৰ বৃদ্ধ ব্যক্তি মনিৰাম বৰুৱাৰ পিন্ধি থকা পুৰনা কাপোৰ ফালি নতুন বিহুৱানৰে অাদৰণী জনোৱাৰ লগে লগে সকলো অাইমাতৃয়ে উৰুলী দি মাহ হালধি সানি বৰুৱাৰ শ্ৰীচৰনত সেৱা ধৰে।ইয়াৰ লগতে  প্ৰতিজন যুৱকে  ইজনে সিজনৰ গাত পিন্ধি থকা কাপোৰ ফালি মাহ হালধীৰে নোওৱাৰ উপৰিয়ো বিহু গীত গাই গাই গাঁও খনৰ প্ৰতিঘৰলৈ গৈ মানুহৰ বিহু পালন কৰে।মধুপুৰ গাঁও উন্নয়নৰ সম্পাদক নৱ বৰাই অাত ধৰা অনুষ্ঠান টিত মধুপুৰ গাঁও উন্নয়ন সমিটিয়ে সম্বৰ্দ্ধনা জনায় মনিৰাম বৰুৱাক মহিলা গাঁও উন্নয়ন  সমিতিয়ে দিপ্তি শইকীয়াক যুৱক সঙ্ঘৰ পৰা বোধন ভূঞা অাৰু অাত্ম সহায়ক গোটৰ পৰা নুমলী হাজৰিকাক সম্বৰ্দ্ধনা জনাই ডাঙৰে সৰুক মৰম যছাৰ লগতে সৰুৱে ডাঙৰক সেৱা ধৰি বৰগছৰ তলত বিহু মাৰি শেষত নামঘৰৰ সমুহীয়া প্ৰাৰ্থণা জনাই।মানুহৰ বিহুৰ দিনাৰ পৰাই অকল মধুপুৰতেই নহয় জামুগুৰিহাটৰ গাঁৱে ভূঞে বিহু গাবলৈ অহা কণ কণ শিশুৰ লগতে নিশাৰ ভাগত ডেকাই বিহু মৰাৰ দৃশ্য পৰিলক্ষিত হৈছে।পৰম্পৰা অনুসৰি কনিষ্ঠ জনে জেষ্ঠ জনক সেৱা সৎকাৰ কৰি একেলগে মানুহ বিহুৰ দিনা চাহ জলপান খোৱাৰ পিছত নিজৰ মিটিৰ কুটুম্বৰ লগতে বন্ধু বান্ধৱৰ ঘৰলৈ এপাক মাৰে।মানুহ অাৰু গোঁষাই বিহুৰ দুয়োদিনেই জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নিশাৰ ভাগত কিছু সংখ্যক যুৱকেও বিহুগীত গায় অানন্দ উল্লাসত বিলীন হৈ গৈছে।সাধাৰনতে দিনৰ ভাগত বিহু গীত গালেও সন্ধিয়াৰ ভাগত জামুগুৰিহাটৰ গাঁৱে গাঁৱে যুৱক যুৱতীয়ে মিলি জুলি "কৃষ্ণাই মুৰতে বকুল ফুল এপাহি নিয়ৰ পাই মুকলি হ'ল হে গোবিন্দাই ৰাম" শীৰ্ষক অাদি কৰি হুচৰিৰ গীতৰে ৰাইজৰ অাশীষ লোৱাৰ লগতে পৰিয়াল স্বজনৰ মংগল কামনা কৰে।অানহাতে ,মানুহ বিহুৰ দিনটিতেই অসমীয়া গ্ৰাম্য সমাজৰ পৰম্পৰা অনুসৰিয়েই জামুগুৰিহাটৰ সঙ্গীয়া মাজৰ চুক গাঁওৰ ঐতিহ্যমণ্ডিত দেও পুখুৰীত মাছ মৰা পৰ্ব সম্পন্ন হোৱাৰ উপৰিও বিভিন্ন গাঁওত থকা সমুহীয়া পুখুৰী সমুহতো মাছ মাৰি পৰম্পৰা ৰক্ষা কৰা দেখা পোৱা গৈছে।ইফালে জীয়াভৰলী নদীৰ চাপৰিত গঢ় লৈ উঠা বিশাল কৃষি ফাৰ্ম  " ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি ফাৰ্মত" উৎপাদিত হোৱা মাছ মাৰি ফাৰ্ম কৰ্তৃপক্ষৰ ফালৰ পৰা ৰাইজৰ বাবে বজাৰত মুকলি কৰি দিয়ে।প্ৰায় ৭/৮ কেজী ওজনৰ ৰৌ বাহু ,ব্ৰিঘেত মাছ অাদিয়ে জামুগুৰিহাটৰ বজাৰত উপভোক্তা ৰাইজৰ মাজত ক্ৰয় কৰাৰ ক্ষেত্ৰত হেতা ওপৰা লগাও পৰিলক্ষিত হয়।ঠিক একে দৰে অাজি গোঁষাই বিহুৰ দিনটোতো নামঘৰ নগৰী ৰূপে খ্যাত জামুগুৰিহাটৰ গাঁৱে গাঁৱে ভাগৱত লৈ নাম কীৰ্তনৰে শোভাযাত্ৰা কৰি হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰা দেখা পোৱা যায় অঞ্চলটোৰ অাকাশ বতাহ।যেন ভক্তি ৰসৰ অমীয়া সুৰত বিলীন হৈ পৰিল জামুগুৰিহাটৰ গৰিষ্ঠ সংখ্যক গাঁও।বিহুৰ দিন কেইটাৰ পিছতে জামুগুৰিহাটৰ বিভিন্ন স্থানত হ'ব লগা বিহু সন্মিলন সমুহৰো ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি অাৰম্ভ হোৱা দেখা পোৱা গৈছে।মুঠতে বসন্তৰ পৰশত অপৰূপা হৈ উঠা প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য্যৰ মাজত ৰঙালী বিহুক লৈ জামুগুৰিয়া ৰাইজো পাৰ ভঙা উল্লাসত একাকাৰ হৈ পৰা দেখা পোৱা গৈছে।অসমীয়া জাতিলৈ বহাগ বিহুৱে আনি দিয়া এই অফুৰন্ত উছাহ - উদ্দীপনাৰ বাবেই বিশ্ব বৰেণ্য শিল্পী ড° ভুপেন হাজৰিকাই গীতৰ ভাষাৰেই কৈ গৈছে "বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ , অসমীয়া জাতিৰ ই অায়ুস ৰেখা গন জীৱনৰ এই সাহ !……………।
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা