ক'ৰোনাৰ পৰা সাৱধানতাৰ ক্ষেত্ৰত তৎপৰতা বজালী জিলা প্ৰশাসনৰ

সঞ্জীৱ দাস, বজালী, ২৩ জানুৱাৰীঃ যোৱা ১০ এপ্ৰিলৰ  পৰা আজিলৈকে  বজালী  জিলাত ক'ৰোনাত  আক্ৰান্ত ৰোগীৰ  সংখ্যা  ৯৯ গৰাকীলৈ বৃদ্ধি পাইছে। বজালী  জিলা প্ৰশাসনৰ  তৎপৰতাত জিলাখনৰ  কে'বাখনো চিকিৎসালয়ত ইতিমধ্যে ব্যাপক হাৰত  জনসাধাৰণৰ  এই দিশত  পৰীক্ষা  অব্যাহত  ৰখা  হৈছে ।  আনহাতে,  প্ৰতিদিনে ৪৫ ৰ উৰ্ধৰ লোকে   জিলাখনৰ  ভিন্ন  চিকিৎসা কেন্দ্ৰত  শৃংখলাবদ্ধভাৱে ভেকচিনো  লৈ  আছে। জিলা  উপায়ুক্ত মৃগেশ নাৰায়ন  বৰুৱাই পৰিস্হিতিৰ  ওপৰত  চোকা   দৃষ্টি  ৰখাৰ  উপৰিও  জনসাধাৰনক  ক'ভিড-১৯  ৰ  নীতি  নিৰ্দেশনা  কঠোৰ ভাৱে  পালন  কৰিবলৈ  আহ্বান  জনাইছে।  প্ৰয়োজন নহ'লে  ঘৰৰ  পৰা  বাহিৰ  নোলাবলৈ  আবেদন  জনাই  উপায়ুক্ত গৰাকীয়ে  কয়  যে- এই  দুঃসময়ত  ৰাইজৰ   সক্ৰিয়  সজাগতাইহে  পৰিস্হিতিৰ  স'তে  মোকাবিলা  কৰাত  ফলপ্ৰসু  সমাধানৰ  বতৰা  কঢ়িয়াই  আনিব । উল্লেখ্য যে, ২২ এপ্ৰিলত  গুৱাহাটীৰ  চিকিৎসালয়ত মৃত্যু ঘটা  বজালী জিলাৰ  লোকজনক  ধৰিলে  জিলাখনত  ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১০০ হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা