জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰী-অভিভাৱক-শিক্ষক-শিক্ষয়ত্ৰীৰ প্ৰাক বিহু উৎসৱ পালন

পদুলী মুখত অসমীয়াৰ হেপাহৰ ৰঙালী বিহু৷বিহুটিক আদৰিবলৈ চৌদিশে চলিছে পূৰ্ণ প্ৰস্তুতি৷জামুগুৰিহাটতো হেঁপাহৰ বিহুটিক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷বিহুৰ পূৰ্ৱেই কণ কণ শিশু-কিশোৰসকলৰ বিহু কৰ্মশালাৰ লগতে বিহুদল সমুহৰ আখৰাত ব্যৱহাৰ কৰা ঢোঁল-পেঁপা-গগণাৰ মাতত জামুগুৰিহাটৰ চৌদিশ মুখৰিত হৈ পৰিছে৷জামুগুৰিহাটৰ অন্যতম চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি চাইল্ড ইংলিছ স্কুলতো আজি “প্ৰাক বিহু উৎসৱ ”পালন কৰে৷প্ৰতি বছৰেই বিহুৰ প্ৰাকক্ষণত ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত কৰি অহা এই “প্ৰাক বিহু উৎসৱ” অৰ্থাৎ “বসন্ত উৎসৱ” বিগত বৰ্ষত ক’ভিডৰ বাবেই বাতিল কৰিবলগীয়া হৈছিল৷কিন্তু এইবেলি পৰিৱেশ কিছু ভাল হোৱাৰ বাবেই আজি দিনজোৰা কাৰ্যসুচীৰে বিদ্যালয়খনত অনুষ্ঠিত কৰা এই বসন্ত উৎসৱত ঢোঁল-পেঁপা-গগনাৰ মাতৰ লগতে বিহুগীতে শিশু কিশোৰী নাচনীৰ বিহুনাচে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ ৰঙালীৰ ৰঙত মতলীয়া কৰি তোলে৷পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা তথা শিক্ষয়ত্ৰী পৰি শইকীয়া ভূঁঞাই আঁত ধৰা এই প্ৰাক বিহু উৎসৱ অনুষ্ঠানটিত বিদ্যালয়খনৰ প্লে’ গ্ৰুপত অধ্যয়নৰত শিশুৰপৰা দশম শ্ৰেণীৰ কিশোৰ কিশোৰীলৈকে কেবাটাও দলত বিভক্ত হৈ বিহু নাচ তথা ঢোঁলবাদন পৰিৱেশন কৰি আনন্দৰে বিহু উদযাপন কৰে৷বিদ্যালয়খনৰ খেলা বাকৰিত অনুষ্ঠিত মুকলি বিহুৰ লেখীয়াকৈ অনুষ্ঠিত কৰা এই বসন্ত উৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক-অভিভাৱিকা-শিক্ষক-শিক্ষয়ত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলৰ লগত বিহু গাই নাচি বাগি হেঁপাহৰ ৰঙালী বিহুৰ এই বসন্ত উৎসৱটিক উদযাপন কৰে৷বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীৰপৰা কিশোৰ কিশোৰীসকলো বিগত বৰ্ষত উদযাপনৰপৰা বঞ্চিত হ’বলগীয়া হোৱা বিদ্যালয়খনৰ “বসন্ত উৎসৱ”ৰ এই দিনটোত বিদ্যায়তনিক দিশৰপৰা আতৰি এইদৰে অভিভাৱক আৰু শিক্ষক শিক্ষয়ত্ৰীসকলৰ লগত একেলগে সকলোৱে বিহুৰ সাঁজপাৰ পৰিধান কৰি বিহু উদযাপন কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈ পৰাও পৰিলক্ষিত হয়৷বিদ্যালয়খনৰ অধ্যক্ষ কুমাৰ নেৱাৰ,বিদ্যালয়খনৰ সচিব সঞ্জয় নেৱাৰ আৰু প্ৰধান শিক্ষয়ত্ৰী ইংকুমণি হাজৰিকাই কয় যে বিগত বৰ্ষত আমি সকলোৱে ক’ভিডৰ আতংকৰ বাবেই মানসিকভাৱে চিন্তাগ্ৰস্ত দিন অতিবাহিত কৰিছিলো৷কিন্তু এইবেলি যিহেতু সময় সুস্থিৰ হৈ আছে সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱসাদ দূৰ কৰিবৰ বাবেই এইদৰে বিদ্যালয় কৰ্তৃপক্ষই প্ৰাক বিহুৰ বসন্ত উৎসৱ উদযাপন কৰাৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰাৰ লগতে এই উৎসৱৰ জৰিয়তে অনাগত সময়ত দেশ তথা ৰাজ্যবাসীলৈ শুভবাৰ্তা কঢ়িওৱাৰো আশা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷অনুষ্ঠানটিত হলি চাইল্ড ইংলিছ স্কুলৰ সঞ্চালক মতি কুমাৰ নেৱাৰ ও উপস্থিত আছিল৷
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা