অসমৰ ৰেলৰ ইতিহাসত নতুন দিগন্তৰ সূচনাবঙাইগাঁও — ৰঙিয়াৰ মাজত আনুষ্ঠানিক ভাবে বৈদ্যুতিক ৰেল চলাচল আৰম্ভ
ৰঙালী বিহুৰ প্ৰাক ক্ষনত অসমবাসী লৈ সুখবৰ কঢ়িয়াই আনিলে ৰঙিয়া ৰেল সংমণ্ডলে। ৰাজ্যৰ ৰেলৰ ইতিহাসত নুতন দিগন্তৰ সূচনা কৰি যোৱা নিশা প্ৰায় ১০ বজাত পোন প্ৰথম বাৰৰ বাবে বিদ্যুৎ চালিত ৰেল আহি স্পৰ্শ কৰিলে ৰঙিয়া ৰেলৱে স্টেচন। এই ঐতিহাসিক ক্ষণৰ স্বাক্ষী হৈ ৰ'ল ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাঁওকাৰ, স্টেচন অধীক্ষক মৃন্ময় শৰ্মা সহ ৰেলৰ অন্যান্য কৰ্মচাৰী লগতে স্থানীয় ৰাইজ। বঙাইগাঁও আৰু ৰঙিয়া ৰেলৱে জংছনৰ মাজত পোন প্ৰথম বাৰৰ বাবে আনুষ্ঠানিক ভাৱে বৈদ্যুতিক ৰেল চলাচল আৰম্ভ হোৱাত ৰেলকৰ্মী আৰু স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰে। সামগ্রী কঢ়িওৱা ৰেল খন ৰঙিয়া ৰেল স্টেচনত উপস্থিত হোৱাত মাণ্ডলিক প্ৰৱন্ধক মালেগাঁওকাৰে ৰেলখনৰ চালক সকলক আদৰণি জনায়। এতিয়াৰে পৰা নিয়মিত ভাবে বঙাইগাঁও আৰু ৰঙিয়া ৰেল স্টেচনৰ মাজত বিদ্যুৎ চালিত মালবাহী গাড়ী চলাচল কৰিব বুলি মাণ্ডলিক প্ৰৱন্ধক মালেগাঁওকাৰে জানিবলৈ দিয়ে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অহা মে নাইবা জুনৰ ভিতৰত গুৱাহাটী ৰেল স্টেচনলৈকে বৈদ্যুতিকৰণ সম্পূৰ্ণ হলে গুৱাহাটীলৈকে সকলো ৰেল বিদ্যুৎ চালিত ইঞ্জিনেৰে চলাচল কৰিব। এই ক্ষেত্ৰত মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাঁওকাৰে সকলো ৰেলকৰ্মীক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যোৱা মাৰ্চ মাহত ৰেলৰ উচ্চ পদস্থ বিষয়া সকলৰ পৰিদৰ্শন শেষ হোৱাৰ পিছত পৰিক্ষামূলক ভাৱে বৈদ্যুতিক ৰেল চলাচল কৰাৰ পাছত যোৱা নিশা প্রথম খন বিদ্যুৎ চালিত মালগাড়ী ৰঙিয়াত আহি উপস্থিত হয়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment