বঙাইগাঁও জিলাত একেদিনাই ৭৯ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ
বঙাইগাঁওঃ ৩০ এপ্ৰিলঃ বঙাইগাঁও জিলাত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে মহামাৰী ক'ৰোনাৰ সংক্ৰমণ ৷ জিলাখনত কেৱল আজিৰ দিনটোতে নতুনকৈ ৭৯ জন ব্যক্তি ক'ভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান মুঠ সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৪৫০ জনলৈ বৃদ্ধি পালে ৷ বৃহস্পতিবাৰে জিলাখনৰ ৫০ জনকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছিল ৷ আনহাতে আজিৰ দিনটোত জিলাখনৰ ২৪ জনকৈ ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত আজি মুঠ ৩,৭৫২ টা ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্ট কৰা হয় ৷ উল্লেখ্য যে জিলাখনত বৰ্তমান ক'ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাত ক'ভিড ভেকচিন লোৱাৰ বাবে স্বাস্থ্য কেন্দ্ৰ তথা বিভিন্ন ভেকচিনেচন কেন্দ্ৰত মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে জিলাখনত যোৱা ১ মাৰ্চৰ পৰা আজিলৈকে মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৬২২ জন হৈছে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment