নগাঁৱত আদালতৰ বিষয়া-কৰ্মচাৰী-অধিবক্তাৰ মাজত ক’ভিড ভেকচিন প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ এপ্ৰিলঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো সম্প্ৰতি ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷ এনে এক জটিল পৰিস্থিতিৰ মাজত চৰকাৰী-বেচৰকাৰী সকলো স্তৰৰ কৰ্মচাৰীয়ে তীব্ৰ শংকাত কাৰ্যালয়ৰ ভিতৰে বাহিৰে দৈনন্দিন কাম-কাজ সমূহ পৰিচালনা কৰিব লগা হৈছে ৷ সেয়ে এনে ব্যস্ত কৰ্মচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সহযোগত মঙলবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ কাৰ্যালয়, মূখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় আৰু অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সমূহ ন্যায়িক বিষয়াৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰীসকলক প্ৰথম লানি ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷ নগাঁও আদালত ভৱনৰ মুন্সিফ নং ১ আদালতত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা আইন সেৱা প্ৰাধিকাৰী, নগাঁৱৰ সচিৱ মৃনাল নিউপানে ৷ শুভাৰম্ভৰ পিছতে ক’ভিডৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি এই ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পন্ন হয় ৷ নগাঁও আদালতৰ লগত জড়িত প্ৰায় পঞ্চাশ জন অধিবক্তাকো ক’ভিডৰ  প্ৰথমলানি ভেকচিন প্ৰদান কৰা হয় ৷ আদালত ভৱনত অনুষ্ঠিত কাৰ্য্যসুচীত তিনি শতাধিক পুৰুষ-মহিলাক ভেকচিন প্ৰদান কৰা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা