টিহুৰ পিপলিবাৰী নিবাসী অবসৰী কৃতি শিক্ষক, প্ৰকৃতিপ্ৰেমী অতুল কৃষ্ণ গোস্বামীৰ দেহাৱসান # অঞ্চল জুৰি শোক

টিহু, ২৭ এপ্ৰিল  :  টিহু মহকুমাৰ পিপলিবাৰী নিবাসী অবসৰী কৃতি শিক্ষক অতুল  কৃষ্ণ গোস্বামী(৮২)ৰ কালি নিশা নিজ বাসগৃহতে হৃদক্ৰীয়া বন্ধ হৈ দেহাৱসান ঘটে  । তেওঁৰ  মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি পুৱাৰে পৰা অজস্ৰ গুণমুগ্ধই বাসগৃহলৈ আহি নশ্বৰ দেহত শ্ৰদ্ধা নিবেদন কৰে  । ১৯৩৯ চনৰ ৪ চেপ্তেম্বৰত টিহুৰ পিপলিবাৰী গাঁওত জন্মগ্ৰহণ কৰা অতুলকৃষ্ণ গোস্বামীয়ে টিহু হাইস্কুলৰ পৰা ১৯৫৮ চনত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জিলাৰ কানৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা আৰু ১৯৬৪ চনত  স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়  । ইয়াৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰিভিয়াচ পৰীক্ষা উত্তীৰ্ণ হয় যদিও ঘৰুৱা অসুবিধাৰ বাবে স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হয় । গোস্বামীয়ে পিছলৈ হিন্দীৰ বিশাৰদ আৰু সংস্কৃতৰ মধ্যমা ডিগ্ৰীও লাভ কৰে । অতুলকৃষ্ণ গোস্বামীয়ে বাকসা জিলাৰ  খাগ্ৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰি পিছলৈ  ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হয় আৰু ২০০০ চনত ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চাকৰি জীৱনৰ অবসৰ গ্ৰহণ কৰে  । অসম সাহিত্য সভাৰ আজীৱন সদস্য অতুলকৃষ্ণ গোস্বামীয়ে ১৪ টাকৈ ভাষা কব আৰু লিখিব জানিছিল  ।  গ্ৰন্থ কিনা আৰু অধ্যয়নেই আছিল গোস্বামীৰ প্ৰবল নিচা । গোস্বামীৰ বাসগৃহত ব্যক্তিগত পুথিভঁৰালত  ১০ হেজাৰোধিক মূল্যবান গ্ৰন্থ এতিয়াও সংৰক্ষণ হৈ আছে  । ফুলৰ প্ৰতি গোস্বামীৰ আছিল অগাধ মৰম , যাৰ বাবে ঘৰৰ চৌদিশে নিজ হাতেৰে ৰোপন কৰিছিল বিভিন্ন ধৰণৰ ফুল । আনহাতে  ঘৰৰ চৌদিশে গোস্বামীয়ে ৰোপন কৰা অতি মূল্যৱান বনৌষধি গছ এতিয়া বৃহদাকাৰ ৰূপ লৈছে । মৃত্যুৰ সময়ত অতুলকৃষ্ণ গোস্বামীয়ে পত্নী, একমাত্ৰ পুত্ৰ,  চাৰি গৰাকী জী-জোৱাই আৰু নাতি-নাতিনী সহ অজশ্ৰজনক ইহ সংসাৰত এৰি থৈ যায়  । তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চল টোতে শোকৰ ছা পৰে  । 

প্ৰেৰক  : কৰবী গোস্বামী  , টিহু

Comments