চুমিলা ৰংহাংপিৰ ধৰ্ষণ- হত্যাকাণ্ড , দোষীক ফাঁচিৰ দাবী বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ

চুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন 

বঙাইগাঁওঃ ৩০ এপ্ৰিলঃ চুমিলা ৰংহাংপিৰ ধৰ্ষণ আৰু হত্যাৰ উচিত বিচাৰৰ দাবী জনাইছে বঙাইগাঁও জিলা ট্ৰাইবেল সংঘই ৷ বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি সঞ্জীৱ কুমাৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক চবিন কুমাৰ ৰাভাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত চুমিলা ৰংহাংপিক পঢ়োৱাবলৈ অনাৰ নামত বনকৰা হিচাপে ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক অকথ্য নিৰ্যাতন চলাই ধৰ্ষণ কৰাৰ লগতে অন্ত:সত্বা কৰি পৰিকল্পিত ভাৱে জ্বলাই হত্যা কৰা ঘটনাৰ উচিত, ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্ত কৰি সকলো দোষীক 'The schedule Tribe (Prevention of Atrocities act-1989) আৰু দেশৰ আইন অনুযায়ী ফাঁচি দিব লাগে বুলি দাবী জনাইছে ৷ উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ জনজাতি দুখীয়া পৰিয়ালৰ নাবালিকা চুমিলা ৰংহাংপিক নগাঁও জিলাৰ ৰহাৰ খাইগড়ৰ প্ৰকাশ বৰঠাকুৰৰ গৃহত পঢ়োৱাবলৈ অনাৰ নামত বনকৰা হিচাপে ব্যৱহাৰ কৰি অৱশেষত ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইপিনে সন্ধিয়া সংগঠনটোৱে  বঙাইগাঁও জিলাৰ মেচপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ সমীপত বন্তি প্ৰজ্বলন কৰি চুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তি কামনা কৰে ৷


প্ৰণৱ কুমাৰ ডেকা 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা