কাইলৈৰ পৰা বঙাইগাঁও জিলাত চৰকাৰী - বেচৰকাৰী প্ৰাথমিক বিদ্যালয়ত পাঠদান বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

ক'ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ 

বঙাইগাঁওঃ ১৯ এপ্ৰিলঃ বঙাইগাঁও জিলাত ক'ভিড- ১৯ ত আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰাত জিলা প্ৰশাসনে জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰাথমিক বিদ্যালয়ত কাইলৈৰ পৰা প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান  বন্ধ ঘোষণা কৰিছে ৷ জিলাখনত আজিৰ দিনটোত ক'ভিড- ১৯ ত আক্ৰান্তৰ সংখ্যা ১০৯ জনলৈ বৃদ্ধি পোৱাৰ পিচতে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জৰুৰীভাৱে জিলাখনৰ সকলো শিক্ষানুষ্ঠানত প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৷ লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান বন্ধ থাকিব বুলিও নিৰ্দেশটোত উল্লেখ কৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে ৷ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি যিসমূহ জিলাত ক'ভিড - ১৯ ত আক্ৰান্তৰ সংখ্যা ১০০ জনৰ অধিক হৈছে ,সেই জিলাসমূহত জিলা উপায়ুক্তই প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ৷ সেই অনুসৰি জিলা উপায়ুক্তই বঙাইগাঁও জিলাত কাইলৈৰ পৰা সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা