অসমীয়া সাহিত্য জগতৰ বাবে এক সুখবৰ≈≈ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ "শম্ভুধন ফংল’ছা" ইংৰাজীলৈ অনুদিত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ এপ্ৰিলঃ নগঞা বিশিষ্ট সাহিত্যিক তথা ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ এসময়ৰ বেছ চৰ্চিত "শম্ভুধন ফংল’ছা" নামৰ উপন্যাসখনে স্থান লাভ কৰিছে গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তুলনাত্মক সাহিত্যৰ প্ৰবীণ গৱেষক, অধ্যাপক শৰৎ কুমাক জেনাৰ শেহতীয়া এখন গৱেষণাত্মক গ্ৰন্থত ৷ অধ্যাপক গৰাকীয়ে এই উপন্যাসখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি ইতিমধ্যে লেখকৰ অনুমতি গ্ৰহন কৰাৰ পিছত সেই কাম অতি শীঘ্ৰে সম্পাদন হ’ব বুলি জানিব পৰা গৈছে ৷ আনকি অধ্যাপক গৰাকীয়ে এই কথা ইতিমধ্যে জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ জৰিয়তে ৰাজহুৱা কৰিছে ৷ স্মৰ্তব্য যে, "শম্ভুধন ফংল’ছা" নামৰ এই উপন্যাসখন প্ৰথম ১৯৮৬ চনৰ ‘অসম বাণী’ৰ ৰঙালী বিহুৰ বিশেষ সংখ্যাত প্ৰকাশ হৈছিল আৰু উপন্যাসখন সকলোৱে আদৰি লৈছিল ৷ অৱশ্যে গ্ৰন্থ আকাৰে উপন্যাসখন ২০০১ চনতহে প্ৰকাশ হৈছিল ৷ প্ৰকাশ হোৱাৰ পিছতে এই গ্ৰন্থখনৰ বাবে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি সভাপতি হৈ থকা সময়তে অৰ্থাৎ ২০০২ চনৰ বাবে অসম সাহিত্য সভাই সন্মানীয় ‘অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী বঁটা’ ৰাজখোৱাক প্ৰদান কৰিছিল ৷ তদুপৰি ২০০৭ চনত এইখন উপন্যাসেই গুৱাহাটী দূৰদৰ্শন যোগে ১৩টা খণ্ডত ‘শম্ভূধন’ নামেৰে ধাৰাবাহিকৰূপে প্ৰচাৰ হৈছিল ৷ ২০০৭ চনৰ সকলো ধৰণৰ ধাৰাবাহিক, কথাছবি আৰু সংগীতৰ ভিতৰত এই কাহিনীটো শ্ৰেষ্ঠ বিবেচিত হোৱাত অসমৰ প্ৰখ্যাত অনুষ্ঠান জ্যোতিৰূপাই কাহিনীকাৰ ৰাজখোৱাক শ্ৰেষ্ঠ কাহিনীকাৰৰ বঁটা ২০০৮ চনত প্ৰদান কৰিছিল ৷ উল্লেখ্য, অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত মাইবাঙৰ ওচৰৰ ৱাদ্ৰেংডিছা নামৰ গাঁওখনত শম্ভূধন ফংল’ছাৰ জন্ম হৈছিল ৷ ১৮৭৩ চনত বৃটিছ চৰকাৰে লামডিঙৰ পৰা শিলচৰলৈ ৰেল লাইন নিৰ্মাণৰ কাম পাহাৰ আৰু বৰাকৰ প্ৰকৃতিৰ সম্পদসমূহ কঢ়িয়াবৰ বাবে আৰম্ভ কৰিছিল ৷ সেই সময়ত উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল আৰু কাছাৰ মিলি এখন জিলা আছিল ৷ জিলাখনৰ সদৰ ঠাই আছিল শিলচৰ ৷ পিছলৈ উত্তৰ কাছাৰ পাৰ্বত্য জিলা হয় আৰু সদৰ ঠাই হয় হাফলং৷ তাৰ পিছত অসম চৰকাৰে কাছাৰখন ভাগ কৰি কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ নামেৰে তিনিখন জিলা কৰে৷ পিচৰ ফাললৈ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নামটো ডিমা হাচাও কৰি সদৰ ঠাই আগৰ দৰেই হাফলং ৰাখে ৷ বৃটিছে ৰেল লাইনটো বান্ধোতে স্থানীয় মানুহবোৰক যথেষ্ট কষ্ট দিছিল ৷ খাবলৈ নিদি কেৱল কাম কৰাই অত্যাচাৰ কৰিছিল ৷ সেই বাবে তাৰ ডিমাছা মানুহবোৰে বিদ্ৰোহ কৰিছিল ৷ তেতিয়া শিলচৰৰ পৰা তেতিয়াৰ জিলাধিপতি বৰচাহাব  মেজৰ বয়ড আন্দোলন দমন কৰিবলৈ মাইবাঙৰ ওচৰত বাহৰ পাতি থাকোতে অতি সাধাৰণ লোকৰ ভেশ ধৰি ডিমাছাসকলৰ সেনাপতি শম্ভূধনে বৰচাহাবক তৰোৱালেৰে দুচেও কৰি হত্যা কৰিছিল ৷ পিছত শিলচৰৰ ওচৰৰ এখন গাঁৱত শম্ভূধন ফংল’ছা ধৰা পৰে আৰু শিলচৰৰ থানাৰ লকআপত বৃটিছৰ অত্যাচাৰত ১৮৮৩ চনৰ ২৪ ফেব্ৰুৱাৰীত ফংল’ছাৰ মৃত্যু হয় ৷ গতিকে একালৰ বেছ জনপ্ৰিয় উপন্যাসখনৰ ক্ষেত্ৰত গ্ৰহন কৰা অধ্যাপক শৰৎ কুমাৰ জেনাৰ এনে পদক্ষেপে বৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজলৈ আশাৰ বাণী কঢ়িয়াই অনাৰ লগতে পুনৰবাৰ ডিমাছা ভাষী ৰাইজৰ বীৰ পুৰুষ শম্ভূধন ফংল’ছাক বিশ্ব দৰবাৰত আকৌ এবাৰ অনন্য ৰূপত দাঙি ধৰিব বুলি সচেতন মহলে আশা ব্যক্ত কৰিছে ৷ 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা