ৰঙিয়া চিভিল হস্পিটেলত ৪ গৰাকীৰ দেহত ক'ভিড পজিটিভ

কোভিড পৰীক্ষা নকৰাকৈ যাবলৈ দিলে বহিঃৰাজ্যৰ যাত্ৰীক

প্ৰতিবেদক, ৰঙিয়া ২৩ এপ্রিলঃ স্বাস্থ্য বিভাগৰ একাংশ কৰ্মীৰ চুড়ান্ত হেমাহি আৰু দায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ বাবে সমগ্ৰ ৰাজ্যত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাবনা প্ৰকট হৈ উঠিছে৷ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালৰ প্ৰচেষ্টাত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰঙিয়া ৰেল স্টেচনত বহিঃৰাজ্যৰ পৰা ৰঙিয়া ৰেল স্টেচনত অৱতৰণ কৰা সকলো যাত্ৰীৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই উদ্দেশ্যে ৰঙিয়া ৰেল স্টেচন চৌহদত দিনে নিশাই বহিঃৰাজ্যৰ যাত্ৰী সকলৰ কোভিড পৰীক্ষাৰ বাবে অস্থায়ী কেন্দ্র স্থাপন কৰা হৈছে। কিন্তু একাংশ স্বাস্থ্য কৰ্মীৰ চুড়ান্ত হেমাহি আৰু মইমতালিৰ বাবে আজি পুৱা ৮.৪৫ বজাত থিৰুবান্তাপুৰম -শিলচৰ বিশেষ এক্সপ্রেছেৰে বহিঃৰাজ্য বিশেষকৈ কেৰালা, তামিলনাড়ু, বিহাৰ আদি স্টেচনৰ পৰা অহা পঞ্চাশৰো অধিক যাত্ৰী ৰঙিয়া ৰেল স্টেচনত অৱতৰণ কৰি কোভিড পৰীক্ষাৰ বাবে অগ্ৰসৰ হয়। কিন্তু পুৱা ৮ বজালৈ কৰ্তব্যত থকা স্বাস্থ্য কৰ্মী সকলে তেওঁলোকক সময় শেষ হোৱাৰ অজুহাত দেখুৱাই যাত্ৰী সকলৰ কোভিড পৰীক্ষাৰ পৰা বিৰত থাকে আৰু পৰৱৰ্তী সময় অৰ্থাৎ পুৱা ৮ বজাৰ স্বাস্থ্য কৰ্মী সকল সময়মতে আহি নোপোৱাত যাত্ৰী সকলক পৰীক্ষা নকৰাকৈ যাবলৈ দিয়া হয়। উল্লেখ্য এই কেন্দ্ৰটোত ইতিমধ্যে বহিঃৰাজ্যৰ সাত গৰাকী যাত্ৰীৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰিছে। তেওঁ লোকক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শিঙিমাৰী কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কেন্দ্ৰটোত কৰণা পৰীক্ষা কৰাৰ সকলো ব্যৱস্থা থকা স্বত্তেও একমাত্র স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সময়মতে উপস্থিত নোহোৱাত এখন দূৰনিবটিয়া ৰেলৰ যাত্ৰীক পৰীক্ষা নকৰাকৈ যাবলৈ দিয়া কাৰ্যত ৰঙিয়াত তীব্র চাঞ্চল্য দেখা দিছে। বহিঃৰাজ্যৰ পৰা অহা এই যাত্ৰী সকলৰ মাজৰ কোনোবাই কোভিডত আক্রান্ত হলে অঞ্চলটোৰ বহু লোক গণ সংক্ৰমণৰ কবলত পৰাৰ আশংকা কৰা হৈছে। স্বাস্থ্য কৰ্মীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে এই ধৰণৰ এক ভয়ানক কাণ্ড সংঘটিত হোৱাত ৰঙিয়া মহকুমা প্ৰশাসনৰ লোক সকলেও চিন্তিত হৈ পৰিছে৷ স্থানীয় ৰাইজেও এই ঘটনাটো সহজ ভাৱে লোৱা নাই। তেওঁলোকে এই ঘটনা সন্দৰ্ভত ৰঙিয়াৰ মহকুমাধিপতিৰ উপৰিও কামৰূপৰ উপায়ুক্তক  এক তদন্ত কৰাৰ বাবে দাবী জনাইছে । ভবিষ্যতে যাতে এই ধৰণৰ ঘটনা সংঘটিত নহয় সেয়াও নিশ্চিত কৰিবলৈ দাৱী জনাইছে।আনহাতে আজি ৰঙিয়া
 অসামৰিক চিকিৎসালয়ত ২৭ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰা হৈছিল। ইয়াৰ মাজতে হেমদোলৰ ডিম্বেশ্বৰ মহন্ত (৫১),মুৰাৰাৰ সুপ্ৰিয়া দেউৰী (৩১), তিনিআলিৰ সুৰজিত কৰ্মা(২৯) আৰু কনিহাৰ দিব্যজ্যোতি ডেকাৰ (১৮) শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা