তিনি অপহৃত ব্যক্তিৰ মুক্তিৰ দাবী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

গুৱাহাটী ২৩ এপ্ৰিল: পহিলা বহাগ তথা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতেই সন্দেহযুক্ত আলফা স্বাধীনে অ এন জি  চিৰ লাকোৱা ৮নং তৈল ক্ষেত্ৰৰ অধীনস্থ বাগান তিনিলিৰ ৰোমানিয়া১০৩ নং ৱক অভাৰ ঋগৰ পৰা তিনি অসমীয়া থলুৱা কৰ্মচাৰীক অপহৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে বিশ্ব সংবিধান সংসদ সংস্থাৰ আন্তৰাষ্ট্ৰীয় সদস্য, অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানৱতা তথা শান্তি বঁটা প্ৰাপক মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।
ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অনাকাংক্ষিত ভাবে তিনি অসমীয়া খিলঞ্জীয়া অ এন যি চি কৰ্মচাৰীক অপহৰণ কৰি সন্দেহযুক্ত আলফাই সমগ্ৰ অসমবাসীৰ লগতে বিশ্ব বাসীৰ ওচৰত স্বাৰ্থপৰ স্বৰূপ উদঙাই দেখুৱাইছে।
সততে বিপ্লৱৰ কথা কোৱাৰ লগতে থলিগিৰীৰ কথা কোৱা এই অপহৰণকাৰী সন্দেহযুক্ত আলফাই তৈল ক্ষেত্ৰ, প্ৰাকৃতিক সম্পদ আদিৰ অধিকাৰৰ কথা কোৱাৰ লগতে থলগিৰীৰ নিয়োগৰ কথা সময়ে সময়ে কৈ আহিছে কিন্তু ধেমাজি কাণ্ডকে ধৰি এনে বহু উদাহৰণৰ লগতে শেহতীয়াকৈ তিনিজনকৈ অসমীয়া খিলঞ্জীয়ক অপহৰণ কৰি তেঁওলোকে পুনৰবাৰ সন্ত্ৰসবাদীৰ চৰিত্ৰ প্ৰকাশ কৰিছে। যদি তেওঁলোকৰ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে কিবা কৰিবলগীয়া আছে তেতিয়া হলে কেন্দ্ৰীয় চাৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰক। আলফাৰ      এনেবোৰ কাৰ্য্য কলাপৰ পৰা থলুৱা যুৱপ্ৰজন্মই কি সাহসত অ এন জি চি বা তৈল ক্ষেত্ৰত চাকৰি কৰিবলৈ সাহস কৰিব ই এক চিন্তাৰ বিষয়। ডঃ শইকীয়াই পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা কৰাৰ পৰিবেশ সৃষ্টি কৰক আৰু  আহ্বান যে মানবীয় দৃষ্টিৰে শীঘ্ৰে তিনি অপহৃত ব্যক্তিক মুক্তি দিয়া উচিত। সংশ্লীষ্ট কৰ্তৃপক্ষৰ উপৰি  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যাতে উক্ত অপহৰণ কাণ্ডৰ সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেও তেওঁ দাবী জনায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা