মহিলা বক্সাৰসকলক সহায়ৰ উদ্দেশ্য ড্ৰীম স্পোৰ্টছ ফাউণ্ডেছন আৰু মেৰী কম ৰিজনেল বক্সিং ফাউণ্ডেছনৰ সহযোগিতা




ষ্টাফৰিপোৰ্টাৰ ভাৰতৰ আগশাৰীৰ ক্ৰীড়া প্ৰযুক্তিৰ কোম্পানী ড্ৰীম স্পোৰ্টছ ৰ মানৱ-হিতৈষী অনুষ্ঠান ড্ৰীম স্পোৰ্টছ ফাউণ্ডেছনে আজি মেৰী কম ৰিজনেল ফাউণ্ডেছনৰ সৈতে কৰা সহযোগিতা ঘোষণা কৰে, ইম্ফল ৰ ছয় গৰাকী প্ৰতিভাশালী আৰু উদয়ীমান মহিলা বক্সাৰক সহায় আগবঢ়োৱাৰ উদ্দেশ্য। এই অংশদাৰীত্বৰ দ্বাৰা ড্ৰীম স্পোৰ্টছ ফাউণ্ডেছনে অহা এবছৰ লৈ এইসকল প্ৰতিশ্ৰুতি সম্পন্ন বক্সাৰক প্ৰশিক্ষণ আৰু শৈক্ষিক আৰু অৰ্থনৈতিক সাহাৰ্য আগবঢ়াব।

অলিম্পিক বঁটা আৰু পদ্ম বিভূষণ বিজয়ী এম চি মেৰী কম আৰু তেওঁৰ স্বামী এম ওমখোলেৰ কম ৰ নেতৃত্বত গঠিত, মেৰী কম ৰিজনেল বক্সিং ফাউণ্ডেছন এ বৰ্তমান ৮৭ গৰাকী প্ৰতিভাশালী পিছপৰা যুৱ ব্যক্তিক বিনামূলীয়া, আন্তৰ্জাতিক মানদণ্ডৰ প্ৰশিক্ষণ আৰু পুষ্টি যোগান, থকা আৰু শিক্ষা, চিকিৎসা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় খৰচ যোগান ধৰি আহিছে। এই অংশদাৰীত্বৰ দ্বাৰা, ডিএসএফ ইলাইট ভাৰ্টিকেলৰ অধীনত - যাৰ লক্ষ্য বিভিন্ন ক্ৰীড়া ৰ বাবে প্ৰতিভাশালী যুৱ খেলুৱৈ সকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিব লৈ সাজু কৰোৱা ; নিৰ্বাচিত পিছপৰা প্ৰতিভাশালী যুৱতী সকলক সকলো প্ৰকাৰৰ সাহাৰ্য আগবঢ়োৱা হ'ব যিসকলে মুষ্টিযুঁজক প্ৰতিযোগিতা মূলক ক্ৰীড়া হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহী। এই সাহাৰ্য ই সামৰি ল'ব - বাৰ্ষিক শ্ৰেষ্ঠ মানদণ্ডৰ প্ৰযুক্তি মূলক প্ৰশিক্ষণ, পোছাক আৰু সৰন্জাম, থকা, টুৰ্ণামেণ্টৰ খৰচ, খোৱা বোৱা আৰু পুষ্টি, শিক্ষা আৰু পাঠ্যক্ৰম বহিৰ্ভূত ক্ৰিয়া ।

এই পদক্ষেপ সম্পৰ্কে ড্ৰীম স্পোৰ্টছ ৰ চিএসআৰ ৰ মুখ্য নীতি বিষয়া আৰু সচিব প্ৰধান কিৰণ বিবেকানন্দই কয়,"মেৰী কম ৰিজনেল বক্সিং ফাউণ্ডেছনৰ সৈতে সহযোগিতা কৰি আৰু বক্সিং ৰ ক্ষেত্ৰখনত প্ৰতিভাশালী যুৱ মহিলা সকলক সহায় আগবঢ়াবলৈ সুযোগ লাভ কৰি আমি অতি সুখী অনুভৱ কৰিছোঁ। যোৱা কিছু বছৰ ধৰি, আমি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ক্ৰীড়া ত ব্যতিক্ৰমী প্ৰতিভাৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পাইছো। ভাৰতত বক্সিং এ বিশেষ সফলতা লাভ কৰিছে, আৰু অধিক সংখ্যক উৎসাহী যুৱ প্ৰজন্মৰ মাজত ইয়াক উপলব্ধ কৰোৱাৰ বাবে সুযোগ আছে। "মেক স্পোৰ্টছ বেটাৰ" লক্ষ্য আগত ৰাখি, আমি যুৱ খেলুৱৈ সকলক সকলো প্ৰকাৰৰ বা যিকোনো সহায় আগবঢ়াবলৈ পণ কৰিছোঁ, যাতে তেওঁলোকেও মেৰীকম ৰ দৰে তেওঁলোকৰ ক্ৰীড়া ৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে।"

অলিম্পিয়ান, ভাৰতীয় তাৰকা বক্সিং খেলুৱৈ আৰু মেৰী কম ৰিজনেল বক্সিং ফাউণ্ডেছনৰ প্ৰতিস্থাপক, এম চি মেৰীকম এ কয়,"আমি অতি কৃতজ্ঞ অনুভৱ কৰিছোঁ ড্ৰীম স্পোৰ্টছ ফাউণ্ডেছনৰ সৈতে সহযোগিতা কৰি আৰু এইসকল যুৱ খেলুৱৈ ক তেওঁলোকৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায়ত তেওঁলোকক সহায় আগবঢ়াবলৈ সুযোগ লাভ কৰি। ডিএসএফ এ ইয়াৰ যুৱ খেলুৱৈ বিকাশ অনুষ্ঠান, "ষ্টাৰছ অৱ টুমোৰো" ৰ দ্বাৰা ব্যতিক্ৰমী কাম কৰিবলৈ সক্ষম হৈছে। আমি নিশ্চিত যে এই সহযোগিতাইও উঠি অহা খেলুৱৈ সকলক বক্সিং ৰ ক্ষেত্ৰখনত তেওঁলোকৰ প্ৰকৃত সম্ভাৱনীয়তা পূৰণ কৰাত আৰু লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় আগবঢ়াব পাৰিব।

মেৰী কম ৰিজনেল বক্সিং ফাউণ্ডেছনৰ পৰা তিনিগৰাকী বক্সাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা জিকিবলৈ সম্ভাবনা থকা অধিক সংখ্যক যুৱ বক্সাৰক প্ৰশিক্ষণ আৰু বিকাশ ৰ লক্ষ্য বান্ধি লৈছে। মেৰী কম ৰিজনেল বক্সিং ফাউণ্ডেছনে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত বক্সিং ক ক্ৰীড়া হিচাপে প্ৰসাৰ কৰাটো লক্ষ্য কৰি লৈছে।


শেহতীয়াকৈ, ড্ৰীম স্পোৰ্টছ ফাউণ্ডেছনে ক্ৰীড়া জগতৰ কেইবাগৰাকী খেলুৱৈ ক ক'ভিড-১৯ ৰ বাবে হোৱা দুৰ্যোগৰ বাবে সহায় আগবঢ়াই, বৰ্তমান চলি থকা "বেক টু ট্ৰেক" পদক্ষেপ ৰ অংশ হিচাপে। ২০২০ চনৰ ক'ভিড-১৯ দুৰ্যোগৰ সময়ছোৱাত, ডিএসএফ এ ৬ লাখতকৈ অধিক ভাৰতীয় লোকক ৰন্ধা আহাৰ, পিছপৰা লোকক শুকান খাদ্য আৰু হাইজিন কিট আৰু মহাৰাষ্ট্ৰ চৰকাৰ আৰু বিএমচি ( বৃহত্তৰ মুম্বাই মিনিউচিপাল ক'ৰপোৰেচন) ৰ ফ্ৰণ্টলাইন কৰ্মীসকলক সুৰক্ষিত গিয়েৰ প্ৰদান কৰি সহায় আগবঢ়াইছিল। ডিএসএফ এ পিএম কেয়াৰ আৰু চিএম ৰিলিভ ফাণ্ড লৈও ক'ভিড-১৯ ৰ বাবে অৱদান আগবঢ়াইছিল।

ড্ৰীম স্পোৰ্টছ ফাউণ্ডেছনৰ বিষয়ে অধিক জানিবলৈ যোগাযোগ কৰক https://www.dsf.org.in/

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা