মৈৰাবাৰীত ২য় জন কভিড ১৯ ত আক্ৰান্ত
মৈৰাবাৰী বজাৰৰ দিলিপ হোটেলৰ কৰ্মচাৰী ৰফিকুল ইছলাম (৩৫) তাতিকটা গাৱৰ বুলি জানিব পৰা গৈছে।* *মৈৰাবাৰী FRU চিকিৎসালয়ৰ চিকিৎসকৰ সজাতি দলে মৈৰাবাৰী বজাৰৰ দোকানত কভিড টেষ্ট কৰোতে এজন হোটেলৰ কৰ্মচাৰী দেহত ধৰা পৰিছে কভিড পজিটিভ ।* *এতিয়া লৈকে মৈৰাবাৰীত দৈনিক কভিট টেষ্ট কৰা হৈছে কিন্তু আজি ২য় জন মৰিগাও জিলাৰ মৈৰাবাৰীত কভিড পজিটিভ ৰোগী ধৰা পৰিছে* ।
*মৈৰাবাৰীত কভিডৰ ভয়াবহতাৰ সময়তে মৈৰাবাৰীত দোকান পোহাৰত চেনিটাইজাৰ আৰু মাস্কৰ ব্যৱহাৰ কৰা দেখা পোৱা নাযায় ৷ ৰমজান মাহত কাপোৰ দোকানত দেখা গৈছে ভীৰ কিন্তু কাৰো মুখত নাই মাস্ক ৷ হোটেল আদিতো দেখা পোৱা নগল মাস্কৰ ব্যৱহাৰ ৷ইয়াক লৈ মৈৰাবাৰীত তীৰ্ব আতংকৰ সৃষ্টি হৈছে ৷*
*যিখন হোটেলৰ পৰা কভিড পচিটিভ ৰোগী ধৰা পৰিছে সেই হোটেলতো পিন্ধা নাই কোনোও মাস্ক ৷*
*মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।
Comments
Post a Comment