জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল সাত লক্ষাধিক টকাৰ সম্পত্তি।

,জামুগুৰিহাট,২৬এপ্ৰিল:জামুগুৰিহাটৰ মধুপুৰত আজি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় সাত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়।মধ্য জামুগুৰি হাইস্কুলৰ নিচেই কাষতে থকা পাঞ্চজন্য আত্মসহায়ক গোটৰ গৃহত আজি দিনৰ ১০ মান বজাত হঠাৎ জুই লগাত হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত।জুইৰ লেলিহান শিখাই নিমিষতে আত্মসহায়ক গোটটোৰ ৫ টাকৈ কোঠালিযুক্ত গৃহটি আবৰি ধৰাৰ ফলত জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় গৃহটি।গৃহটিৰ ভিতৰত থকা টিভি, পানীটোলা মেচিন,মটৰ,ফেন, মজুত কৰি ৰখা কৃষিজাত সামগ্ৰী-সজুলীকে ধৰি প্ৰায় সকলোবোৰ সম্পত্তি নিমিষতে ছাঁইত পৰিণত হয়।স্থানীয় ৰাইজে আৰক্ষীৰ লগতে আগ্নি নিৰ্বাপক বাহিনীক ততাতৈয়াকৈ অৱগত কৰোৱাত ঘটনাস্হলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জুইয়ে আত্ম সহায়ক গোটটোৰ সকলো সম্পত্তি গ্ৰাস কৰিবলৈ সক্ষম হয়। জানিব পৰা গৈছে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত পাঞ্চজন্য আত্মসহায়ক গোটৰ প্ৰায় সাত লাখ সম্পত্তিৰ অনিষ্ট সাধন হয়।উল্লেখ যে অঞ্চলটোৰ কেইবাজনো শিক্ষিত নিবনুৱা যুৱকে এই আত্মসহায়ক গোটটোৰ জৰিয়তে কৃষি কৰ্মত মনোনিবেশ কৰাৰ লগতে  হাঁহ, কুকুৰা,ছাগলী,মৎস্য পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা চলাইছিল  যদিও আজি সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাই নিমিষতে থানবান কৰি পেলাই শিক্ষিত নিবনুৱা কেইগৰাকীৰ সোণোৱালী সপোন।
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা