ৰঙিয়াত কোভিড পজিটিভৰ সংখ্যা বৃদ্ধি, পুনৰ ১০ গৰাকী আক্ৰান্ত

প্ৰতিবেদক, ৰঙিয়া, ১৯ এপ্ৰিলঃ
সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাটো দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ ৰ সংক্ৰমণ। ৰঙিয়া অসামৰিক চিকিৎসালয়ত দৈনন্দিন কোভিড টেস্ট কৰি থকাৰ দৰে আজিও ৭১ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰাৰ অন্তত দহৰা-বাঘবাৰীৰ হিতেশ্বৰ কলিতা (৫৫), বিকাশ কলিতা (১৯), ষ্টেচন ১নং ৱাৰ্ড তেতেলীগুৰি সুৰেন বড়ো (৩৫), দশমী বড়ো (২৫) আৰু মিলনপুৰৰ ডলি ডেকাৰ (৩০) শৰীৰত ধৰা পৰিছে কোভিড ১৯ পজিটিভ ।আনহাতে ৰঙিয়া ৰেলৱে ষ্টেচনৰ অস্থায়ী শিবিৰত বেঙ্গালুৰু এক্সপ্ৰেছত আহি ৰঙিয়াত নামা ৰেলযাত্ৰীৰ ৫ গৰাকী লোকৰ দেহত কোভিড ১৯ পজিটিভ ধৰা পৰিছে ।ইপিনে ৰঙিয়া মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলোকে কোভিড প্ৰট'কল মানি চলিবলৈ কাতৰ আহ্বান জনাইছে। মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে যিসকলে মাস্ক পৰিধান নকৰিব তেওঁলোকক ১০০০ টকাকৈ জৰিমনা বিহা হব। ইতিমধ্যে ৰঙিয়া আৰক্ষী প্ৰশাসনে মাইকযোগে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই নাৰাখিলে জৰিমনাৰ সন্মূখীন হব লাগিব বুলি ঘোষণা কৰাৰ পাছত আজি ৰঙিয়া সদৰ থানাৰ যান-বাহন শাখাৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা